গুৱাহাটী, ২৭ আগষ্ট : মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ নতুন সচিব হিচাপে নিযুক্তি দিয়া হৈছে প্ৰশাসনিক বিষয়া ভাস্কৰ পেগুক । সম্প্ৰতি গৃহ বিভাগৰ সচিব আৰু তিনিচুকীয়া জিলাৰ উপায়ুক্ত পদত কাৰ্যনিৰ্বাহ কৰি থকা ভাস্কৰ পেগুক বৃহস্পতিবাৰে এক নিৰ্দেশ যোগে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সচিব পদলৈ বদলি কৰা হয় ৷
মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ নতুন সচিব হ’ব ভাস্কৰ পেগু - সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান সচিব
মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সচিব হিচাপে নিযুক্তি ভাস্কৰ পেগুক ৷ দিগন্ত শইকীয়াক বদলি কৰা হৈছে তিনিচুকীয়াৰ নতুন উপায়ুক্ত হিচাপে ।
![মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ নতুন সচিব হ’ব ভাস্কৰ পেগু bhaskar pegu will be the new secretary of cm office](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8583110-829-8583110-1598545163342.jpg)
bhaskar pegu will be the new secretary of cm office
আনহাতে ডিব্ৰুগড় জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তথা সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান সচিব দিগন্ত শইকীয়াক বদলি কৰা হৈছে তিনিচুকীয়াৰ নতুন উপায়ুক্ত হিচাপে । ইপিনে, ডিব্ৰুগড় জিলা উন্নয়ন আয়ুক্ত সঞ্জয় দত্তক ডিব্ৰুগড় জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান সচিব পদলৈ বদলি কৰা হৈছে ।
লগতে পঢ়ক :ৰাহুল গান্ধীৰ স্থান আন কোনো লোকে ল'ব নোৱাৰে: ৰিপুন বৰা