অসম

assam

ETV Bharat / state

BJP Reaction: মেঘালয়ৰ দুৰ্বৃত্তৰ কাণ্ডক কঠোৰ ভাষাৰে নিন্দা অসম বিজেপিৰ - দুৰ্বৃত্তৰ কাণ্ডক কঠোৰ ভাষাৰে নিন্দা অসম বিজেপিৰ

মুক্ৰ’ৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ(BJP reaction on Mukro incident) ৷ মেঘালয়ৰ দুৰ্বৃত্তই সংঘটিত কৰা এনে কূটাঘাটমূলক কাৰ্যক তীব্ৰ ভাষাৰে নিন্দা কৰিছে অসম বিজেপিয়ে ৷

Bhartiya janta party reactions on Assam Meghalaya conflict
BJP Reaction: মেঘালয়ৰ দুৰ্বৃত্তৰ কাণ্ডক কঠোৰ ভাষাৰে নিন্দা অসম বিজেপিৰ

By

Published : Nov 23, 2022, 9:28 PM IST

গুৱাহাটী, ২৩ নৱেম্বৰ: অসম আৰু মেঘালয়ৰ সীমান্তৱৰ্তী মুক্ৰ’ত মঙলবাৰে সংঘটিত হৈছিল হিংসাত্মক ঘটনা(Assam Meghalaya conflict) ৷ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশে(Bhartiya Janta Party reactions on Assam Meghalaya conflict) । অসম সীমান্তত বন মাফিয়াই অসমৰ ভূমিত চলোৱা লুণ্ঠন আৰু বন ধ্বংস ৰোধিবলৈ যাওঁতে সৃষ্টি হোৱা আইন- শৃংখলাজনিত পৰিস্থিতিত ভাৰতীয় জনতা পাৰ্টিয়ে দুখ প্ৰকাশ কৰি এনে ঘটনাক অতি দুৰ্ভাগ্যজনক ঘটনা বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।

দীৰ্ঘদিন ধৰি পশ্চিম কাৰ্বি আংলঙৰ বনাঞ্চলত মেঘালয়ৰ চোৰাং কাঠ ব্যৱসায়ীয়ে চলাই থকা অবাধ লুণ্ঠনক বাধা দিবলৈ যাওঁতেই বিষম পৰিস্থিতিৰ উদ্ভৱ হৈ অনাকাংক্ষিত ভাবে হোৱা ভয়ংকৰ সংঘৰ্ষত কৰুণ মৃত্যুক সাৱটিব লগীয়া হোৱা বন কৰ্মী ,সুৰক্ষা কৰ্মী আৰু স্থানীয় আবাসীকে ধৰি মুঠ ছজন লোকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এনে ঘটনাৰ উচিত তদন্তৰ আহ্বান জনাইছে বিজেপিয়ে (Violence in Assam Meghalaya Border) ।

উলেখযোগ্য যে ইতিমধ্যে অসম চৰকাৰে উচ্চস্তৰীয় ন্যায়িক তদন্ত আয়োগ গঠন কৰা আৰু চি বি আই তদন্তৰ লগতে মৃতকৰ পৰিয়াললৈ পাচঁ লাখকৈ আৰ্থিক সাহাৰ্যৰ ঘোষণাক দলে আদৰণি জনাইছে । লগতে অসম প্ৰদেশ বিজেপিয়ে অসমৰ বনাঞ্চলত বিচৰণ কৰি মেঘালয়ৰ দুৰ্বৃত্তই সংঘটিত কৰা এনে কূটাঘাটমূলক কাৰ্যক তীব্ৰ ভাষাৰে নিন্দা কৰিছে(BJP reaction on Assam Meghalaya conflict ) ৷

সীমান্তৱৰ্তী ৰাইজক সকলো ধৰণৰ প্ৰৰোচনাৰ পৰা আঁতৰত থাকি আইন শৃংখলা পৰিস্থিতি বাহাল ৰাখিবলৈ আহ্বান জনাইছে ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশে(BJP reaction on Mukro incident) ।

লগতে পঢ়ক:Mukro firing incident: সীমা সমস্যা সমাধানৰ নামত ফটো উঠি চমক দিছে অসমৰ মুখ্যমন্ত্ৰীয়ে: গৌৰৱ গগৈ

ABOUT THE AUTHOR

...view details