গুৱাহাটী,22ছেপ্টেম্বৰঃ "নেপালী গোৰ্খাসকলে বিদেশী ন্যায়াধীকৰণত গৈ নাগৰিকত্ব প্ৰমাণ দিয়াৰ কোনো প্ৰয়োজন নাই । বিদেশী ন্যায়াধীকৰণে গোৰ্খাসকলক নাগৰিকত্ব প্ৰমান বিচাৰি হাৰাশাস্তি আৰু সন্মান বিঘ্নিত কৰিছে ।" দেওবাৰে দিচপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল আয়োজন কৰি এই গুৰুতৰ অভিযোগ ভাৰতীয় গোৰ্খা পৰিসংঘৰ ।
"অসম চৰকাৰৰ ভুলৰ বাবে গোৰ্খাসকলৰ নাম বাদ পৰিল"-ভাৰতীয় গোৰ্খা পৰিসংঘ - নাগৰিক পঞ্জী
অসম চৰকাৰৰ ভুলৰ বাবে এনেদৰে গোৰ্খা সকলৰ নাম বাদ পৰিল বুলিও অভিযোগ তোলে । আনহাতে সংগঠনটোৰ নেতৃত্বই অসম চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তোলে ।
ভাৰতীয় গোৰ্খা পৰিসংঘ
সংবাদমেলত তেওঁলোকে কয় যে গোৰ্খা লোকৰ প্ৰায় 1 লাখ লোকৰ নাম বাদ পৰিছে । লগতে ডি ভোটাৰ আৰু কিছু লোকৰ উপাধিৰ বাবে নাগৰিক পঞ্জীৰ পৰা বাদ পৰিছে বুলি মন্তব্য কৰে তেওঁলোকে । ইপিনে অসম চৰকাৰৰ ভুলৰ বাবে এনেদৰে গোৰ্খা সকলৰ নাম বাদ পৰিল বুলিও অভিযোগ তোলে । আনহাতে সংগঠনটোৰ নেতৃত্বই অসম চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তোলে ।