অসমৰ পৰা আৰম্ভ ভাৰত যাত্ৰাৰ গুৱাহাটী, 5 ছেপ্টেম্বৰ :পুৰণি পেন্সন নীতি বাহালৰ দাবীত অখিল ভাৰতীয় প্রাথমিক শিক্ষক সংঘৰ আহ্বানত আজিৰে পৰা অৰ্থাৎ শিক্ষক দিৱসৰ দিনাৰ পৰা পাঁচ অক্টোবৰ পৰ্যন্ত মাহজোৰাকৈ দেশৰ চাৰিওকোণ– অসম, ৱাঘা সীমান্ত, সোমনাথ আৰু কন্যাকুমাৰীৰপৰা আৰম্ভ হ’ব ‘ভাৰত যাত্রা’। এই যাত্ৰাৰ সামৰণি পৰিব নতুন দিল্লীত । অসমৰ গুৱাহাটী শিল্পগ্ৰামৰ পৰা আৰম্ভ হ’ব এই যাত্ৰা ।
নতুন দিল্লী অভিমুখী এই মাহজোৰা যাত্ৰাক সোণাপুৰ, জাগীৰোড, নগাঁও, কলিয়াবৰ, বোকাখাত, যোৰহাটৰ পিচত ৬ ছেপ্টেম্বৰত যোৰহাটৰ পৰা শিৱসাগৰ, বিশ্বনাথ লৈ যাব এই যাত্ৰা । যাত্ৰাপথত ডিব্ৰুগড় ,ধেমাজি, লখিমপুত আদৰণি সভা অনুষ্ঠিত হ’ব । ইয়াৰ পিচত তেজপুৰ ওদালগুৰি মঙলদৈ হৈ ৰঙিয়ালৈ যাব ভাৰত যাত্ৰাৰ দল ৷ তাৰ পিচতে নলবাৰী হৈ কোকৰাঝাৰ অভিমুখে আগবাঢ়িব ।
৯ ছেপ্টেম্বৰত ভাৰত যাত্ৰাই কোকৰাঝাৰত শেষৰখন সভা সম্বোধন কৰি শ্ৰী ৰামপুৰ গেটত পশ্চিমবংগ সমিতিৰ হাতত যাত্ৰাৰ ৰথ অৰ্পণ কৰিব । অখিল ভাৰতীয় প্রাথমিক শিক্ষক সংঘৰ উত্তৰপূবৰ কাৰ্যকৰী সভাপতি তথা অসম ৰাজ্যিক প্রাথমিক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল গোস্বামীয়ে জনায় যে ৰাজধানী গুৱাহাটীৰ পৰা অসমৰ হৈ আৰম্ভ হোৱা ভাৰত যাত্ৰাৰ ৰথ পশ্চিমবংগ, ওড়িশা, ঝাৰখণ্ড, বিহাৰ, উত্তৰ প্ৰদেশ হৈ ৫ অক্টোবৰত নতুন দিল্লীত উপস্থিত হ’ব, য’ত বিশ্বৰ ভালেকেইখন দেশৰ শিক্ষক সংগঠনৰ প্রতিনিধি আৰু এডুকেচন ইণ্টাৰনেশ্যনেলৰ নেতৃত্ববৰ্গৰ উপস্থিতিত এখন প্রতিবাদী সভা অনুষ্ঠিত হ’ব ।
এই যাত্রাই নতুন পেন্সন নীতি বাতিলৰ দাবী তোলাৰ লগতে দেশত নিয়োজিত ঠিকাভিত্তিক শিক্ষকসকলক বিলম্ব নকৰাকৈ বিনাচৰ্তে নিয়মীয়াকৰণ কৰা আৰু শিক্ষানীতি-২০২০ ত থকা শিক্ষক বিৰোধী দফাসমূহ বাতিল কৰাৰ দাবী জনাব । তেওঁ কয় যে অহা ৬ ছেপ্টেম্বৰৰ পুৱা যোৰহাট বাইপাছ, জাঁজীত আদৰণি জনোৱাৰ পাচত শিৱসাগৰত বিশাল আদৰণি সভা অনুষ্ঠিত হ’ব । ইয়াৰ পাচত শিৱসাগৰৰ পৰা কোকৰাঝাৰত অসমৰ শেষৰখন সভা সম্বোধন কৰিব । সভাৰ অন্তত সংবাদসেৱীসকলক সম্বোধন কৰি শ্ৰীৰামপুৰ গেটত পশ্চিমবংগ সমিতিৰ হাতত যাত্ৰাৰ ৰথ অৰ্পণ কৰিব ।
প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে কয় যে ভাৰত যাত্ৰাৰ অন্তত দিল্লীত হ’ব লগীয়া প্রতিবাদী সভাত অসমৰ এটা প্রতিনিধিৰ দলে ভাগ ল’ব আৰু অসমৰ ২০টাকৈ সংগঠনৰ স্মাৰক পত্ৰ প্রধানমন্ত্ৰী, ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হ’ব । সন্মিলনীৰ সভাপতি অখিল চন্দ্র নাথে জনোৱা অনুসৰি এই ভাৰত যাত্ৰা কাৰ্যসূচীৰ প্ৰতি সদৌ অসম এন পি এছ কৰ্মচাৰী সন্থাৰ অন্তৰ্গত সংগঠনসমূহৰ উপৰি সদৌ অসম সন্মিলিত শিক্ষকসকলৰ অন্তৰ্গত ১০টা শিক্ষক সংগঠন, সদৌ অসম মাধ্যমিক শিক্ষক-কৰ্মচাৰী সন্থা, বেংক এমপ্লয়ীজ ফেডাৰেশ্যন (এন ই আৰ), গুৱাহাটী ডিভিজন ইন্সুওৰেন্স এমপ্লয়ীজ এছচিয়েশ্যন, ষ্টেট বেংক অব্ ইণ্ডিয়া ষ্টাফ এছ'চিয়েশ্যন, জইণ্ট কাউন্সিল অব্ ট্রেড ইউনিয়ন্ছঃ অসম, বি এছ এন এল এমপ্লয়ীজ ইউনিয়ন, নেশ্যনেল ফেডাৰেচন অব্ পোষ্টেল এমপ্লয়ীজ ইউনিয়ন, বিশ্ববিদ্যালয় কর্মী মহাসংঘ আদিয়ে প্রত্যক্ষ সহযোগ আগবঢ়াইছে ।
লগতে পঢ়ক :Nritya Kala Day: সত্ৰীয়া নৃত্যৰ সাধক ৰামকৃষ্ণ তালুকদাৰৰ জন্মদিন উপলক্ষে ‘নৃত্যকলাৰ দিন’ উদযাপন