অসম

assam

ETV Bharat / state

Bharat Jodo Yatra: গুৱাহাটীত ১৬ নবেম্বৰৰ পৰা তিনিদিন চলিব ভাৰত জোড়ো যাত্রা - Bharat Jodo Yatra in Assam

ছয় জনগোষ্ঠীয়ে আহ্বান জনোৱা অসম বন্ধৰ বাবে ১৫ নৱেম্বৰত স্থগিত ৰখা হৈছে অসমত আৰম্ভ হোৱা কংগ্ৰেছৰ ভাৰত জোড়ো যাত্রা । অসম বন্ধৰ পৰিপ্ৰেক্ষিতত ভাৰত জোড়ো যাত্রাৰ পদযাত্রা গুৱাহাটী মহানগৰীত ১৫ নৱেম্বৰৰ পৰিবৰ্তে ১৬ নৱেম্বৰত আৰম্ভ হ'ব(Bharat Jodo Yatra in Assam) ।

pc by apcc leader manjit mahanta
গুৱাহাটীত ১৬ নবেম্বৰৰ পৰা তিনিদিন চলিব ভাৰত জোড়ো যাত্রা

By

Published : Nov 13, 2022, 7:32 PM IST

গুৱাহাটী,১৩ নৱেম্বৰ: পহিলা নৱেম্বৰৰ পৰা অসমত আৰম্ভ হোৱা কংগ্ৰেছৰ ভাৰত জোড়ো যাত্রা ছয় জনগোষ্ঠীয়ে আহ্বান জনোৱা অসম বন্ধৰ বাবে ১৫ নৱেম্বৰত স্থগিত ৰখা হৈছে । আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰি কৰে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তই (PC by APCC leader Manjit Mahanta) । তেওঁ কয় যে, অসম বন্ধৰ পৰিপ্ৰেক্ষিতত ভাৰত জোড়ো যাত্রাৰ পদযাত্রা গুৱাহাটী মহানগৰীত ১৫ নৱেম্বৰৰ পৰিবৰ্তে ১৬ নৱেম্বৰত আৰম্ভ হ'ব (Bharat Jodo Yatra in Assam) ।

পহিলা নৱেম্বৰৰ পৰা অসমত আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰাত বিগত ১২ দিনত ১ লাখ ২০ হাজাৰ মানুহে অংশগ্ৰহণ কৰিছে । ইতিমধ্যে ১২ দিনত এই পদযাত্রাই ১৫০ কিলোমিটাৰ বাট অতিক্ৰম কৰিছে । তেওঁ লগতে কয় যে সোমবাৰে ভাৰত জোড়ো যাত্রাই কামৰূপ গ্ৰাম্যত প্ৰৱেশ কৰিব (Bharat Jodo Yatra in Guwahati) । ১৬ নৱেম্বৰৰ পুৱা ১০.৩০ বজাত শিঙিমাৰি চ'কৰ পৰা পদযাত্রা আৰম্ভ হৈ দুপৰীয়া আমিনগাঁও ৰাজীৱ ভৱনত সামৰণি পৰিব ।

গুৱাহাটীত ১৬ নবেম্বৰৰ পৰা তিনিদিন চলিব ভাৰত জোড়ো যাত্রা

পিছদিনা অর্থাৎ ১৭ নৱেম্বৰৰ পুৱা ১০.৩০ বজাত গুৱাহাটীৰ ভৰলুমুখৰ সোণাৰাম হাইস্কুল খেলপথাৰৰ পৰা পদযাত্ৰা আৰম্ভ হৈ গুৱাহাটী ক্লাৱ, শিলপুখুৰী হৈ দুপৰীয়া চান্দমাৰীৰ বিহুতলীত সমাপ্ত হ’ব । সেইদৰে ১৮ নৱেম্বৰৰ পুৱা ১০.৩০ বজাত চান্দমাৰী বিহুতলীৰ পৰা পদযাত্ৰা আৰম্ভ হৈ দুপৰীয়া নাৰেংগীৰ বোন্দা খেলপথাৰত সমাপ্ত হ'ব ।

আনহাতে মৰিগাঁও, নগাঁৱকে ধৰে অন্যান্য জিলাসমূহৰ ক্ষেত্ৰত পূৰ্ব-নিৰ্ধাৰিত দিন আৰু সময়সূচী অনুসৰিয়ে পদযাত্ৰা কাৰ্যসূচী ৰূপায়িত হ’ব । গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া পদযাত্রাত জিতেন্দ্ৰ সিঙকে ধৰি কংগ্ৰেছৰ কেইবাগৰাকী শীৰ্ষ নেতাই অংশ গ্ৰহণ কৰিব বুলি তেওঁ কয় । সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ কেইবাজনো নেতা উপস্থিত আছিল ।

লগতে পঢ়ক:Actor Siddhartha Sarmah : কে কে খ্যাত অভিনেতা সিদ্ধাৰ্থ শৰ্মা সম্প্ৰতি সুস্থ

ABOUT THE AUTHOR

...view details