গুৱাহাটী, ২৫ অক্টোবৰ :সাংগঠনিক শক্তি পুনৰুদ্ধাৰৰ বাবে অহা ১ নৱেম্বৰৰ পৰা অসমত আৰম্ভ হব কংগ্ৰেছৰ ভাৰত জোড়ো অসম যাত্ৰা (Bharat Jodo Yatra in Assam) । মঙলবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই কথা সদৰী কৰে (APCC President Bhupen Bora) ।
তেওঁ কয় যে অহা ১ নৱেম্বৰৰ পৰা অসমত সাংগঠনিক শক্তি পুনৰুদ্ধাৰৰ বাবে ধুবুৰীৰ পৰা শদিয়ালৈ কংগ্ৰেছৰ ভাৰত জোড়ো অসম যাত্ৰা অনুষ্ঠিত হ'ব (Rahul Gandhi Bharat Jodo Yatra) । এই যাত্ৰাত পদব্ৰজে ৮৩৫ কিলোমিটাৰ অতিক্ৰম কৰা হ'ব । এদিনত ১৫ পৰা ২০ কিলোমিটাৰ যাত্ৰা কৰা হ'ব ।
উল্লেখ্য, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধীৰ নেতৃত্বত কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰা চলি আছে । এই যাত্ৰা এদিনত ২১ কিলোমিটাৰকৈ কৰা হৈছে । স্বাধীন ভাৰতৰ ইতিহাসত পদব্ৰজে কৰা এই যাত্ৰা প্ৰথম । ৰাহুল গান্ধীৰ লগত ১২০ গৰাকী কংগ্ৰেছৰ কৰ্মীও আছে এই যাত্ৰাত । ইয়াৰে ৩০ শতাংশ মহিলা ।
১২ খন ৰাজ্যৰ মাজেৰে এই ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰা হৈছে । এই যাত্ৰা সম্পূৰ্ণ অৰাজনৈতিক যদিও বিজেপি চৰকাৰৰ (BJP Government) অপশাসন আৰু বিভেদৰ ৰাজনীতিৰ বিৰুদ্ধে কৰা হৈছে । অহা জানুৱাৰীৰ শেষত এই ভাৰত জোড়ো যাত্ৰা ৰাজস্থানত অন্ত পৰিব । ৰাজস্থানৰ কাৰ্যসূচীত অসমৰ ১০০ গৰাকী কংগ্ৰেছকৰ্মীয়ে অংশগ্ৰহণ কৰিব ।