গুৱাহাটী,10 জুলাইঃ বিগত দুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত অশনি সংকেত কঢ়িয়াই আনিছে মহানগৰীৰ ভৰলু নৈয়ে। মহানগৰীত সৃষ্টি হোৱা কৃত্ৰিম বানক একমাত্ৰ ভৰলু নৈয়ে পাম্পৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ বুকুত পেলায় যাৰ ফলত মহানগৰবাসীৰ জনজীৱনৰ যাতায়তৰ বাবে সূচল হৈ পৰে। কিন্তু এতিয়া এই ভৰলু নৈৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে। বিগত দুদিন ধৰি হোৱা বৰষুণৰ ফলত উফন্দি উঠিছে ভৰলুৰ পানী ৷ সেয়ে বুধবাৰে পুৱাই প্ৰশাসনে ভৰলু নৈৰ শ্লুইছ গেট বন্ধ কৰি বৃহৎ বৃহৎ আকাৰৰ তিনিটা মটৰ স্থাপন কৰে ৷
পাম্পৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ বুকুলৈ ভৰলু নৈৰ পানী - কৃত্ৰিম বান
ভৰলু নৈৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে। বিগত দুদিন ধৰি হোৱা বৰষুণৰ ফলত উফন্দি উঠিছে ভৰলুৰ জলপৃষ্ঠ
পাম্পৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ বুকুলৈ ভৰলু নৈৰ পানী
এই মটৰৰ জৰিয়তে ভৰলুৰ পানী প্ৰবাহিত হ'ব ব্ৰহ্মপুত্ৰৰ বুকু লৈ । উল্লেখযোগ্য যে এই মটৰৰ দুটা মটৰ জলপৰিবহন বিভাগৰ আৰু এটা গুৱাহাটী পৌৰ নিগম বিভাগৰ। যদিহে এই হাৰত বৰষুণ হৈ থাকে তেন্তে অচিৰেই বানত বুৰ যাব মহানগৰবাসী ৷ স্তব্ধ হৈ পৰিব জনজীৱন। প্ৰাপ্ত তথ্য অনুসৰি বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষমতাত আছে বুলি জানিব পৰা গৈছে।