অসম

assam

ETV Bharat / state

ৰাজ্যৰ উন্নয়নৰ বাবে বিজেপিৰ বিকল্প নাই : ভৱেশ কলিতা - BJp appoints Bhabesh Kalita as new state president

ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰা বিধায়ক ভৱেশ কলিতাৰ সাংবাদিকৰে মত-বিনিময় । সাংবাদিকৰ সন্মুখত মনৰ বহু কথা ক'লে নৱ নিযুক্ত বিজেপিৰ সভাপতিগৰাকীয়ে ।

Bjp
ৰাজ্যৰ উন্নয়নৰ বাবে বিজেপিৰ বিকল্প নাই

By

Published : Jun 27, 2021, 10:03 PM IST

গুৱাহাটী, ২৭ জুন : ৰাজ্যিক বিজেপিৰ নতুন সভাপতি (State Bjp president) হিচাপে নিযুক্তি লাভ কৰা ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই দেওবাৰে দলৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ সাংবাদিকৰ সৈতে মত বিনিময় কৰে । তেওঁ কয়,'অন্য দল হৈছে পৰিয়াল তান্ত্রিক আৰু আমাৰ দল হৈছে ফেমেলিয়াৰ । ১৯৯১ চনত যোগদান কৰা এই দলটোৰ এদিন ৰাজ্যিক সভাপতিৰ দায়িত্ব লাভ কৰিম বুলি ভবাই নাছিলো । আজি অসমত এই দলটো ফলে-ফুলে জাতিষ্কাৰ হ'ল'

তেওঁ লগতে কয় যে, দল আৰু চৰকাৰৰ মাজত সমন্বয়ৰ সেঁতু ৰচনা কৰি অসমখনক সৰ্বদিশত আগুৱাই নিবলৈ তেওঁ সক্ষম হ'ব । দলটোক আগুৱাই নিয়াৰ ক্ষেত্রত সকলোৰে সহায়-সহযোগিতা কামনা কৰি তেওঁ কয় যে ২৯ জুনত দলৰ এখন কাৰ্যনিৰ্বাহক সভা আছে । ২৯ জুনৰ পাছত সকলোৰে উপস্থিতিত তেওঁ আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰিব । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ৰাজ্যৰ তথা দেশৰ উন্নয়নৰ বাবে বিজেপিৰ বিকল্প নাই ।

ৰাজ্যৰ উন্নয়নৰ বাবে বিজেপিৰ বিকল্প নাই : ভৱেশ কলিতা

উল্লেখ্য যে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসক মন্ত্ৰীত্ব প্ৰদানৰ পিছতে সভাপতিৰ নতুন দায়িত্ব কাক দিয়া হ'ব তাক লৈ দীৰ্ঘদিন ধৰি জল্পনা কল্পনা চলি আছিল । অৱশেষত বিজেপিৰ কেন্দ্ৰীয় সভাপতি জে পি নাড্ডাই (National BJP president JP Nadda) ঘোষণা কৰে ভৱেশ কলিতাৰ নাম ৷ ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা ৷

উল্লেখ্য যে ২০১৬ চনৰ পৰা একেৰাহে দুবাৰ বিধানসভালৈ নিৰ্বাচিত হৈছে ভৱেশ কলিতা ৷ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰ (Sarbananda Sonowal lead government)ৰ ৰাজহ আৰু জলসিঞ্চন মন্ত্ৰী আছিল ভৱেশ কলিতা ৷ কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত (Cabinet) তেওঁ অন্তৰ্ভুক্ত হোৱা নাছিল ৷ অৱশেষত ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব লাভ যথেষ্ট আনন্দিত ভৱেশ কলিতা ৷ দেওবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্যালয় নৱ নিযুক্তি সভাপতি গৰাকী উপস্থিত হোৱাৰ লগে লগে ব্যাপক আদৰণী জনোৱা হয় । মন্ত্ৰী তথা বিজেপিৰ বৰ্তমান সভাপতি (Bjp president) ৰঞ্জিত কুমাৰ দাস আৰু বহু কৰ্মকৰ্তাৰ উপস্থিতিত তেওঁক সম্বৰ্ধনাও জনোৱা হয় ।


লগতে পঢ়ক :ভেকচিন নোলোৱা অংগনবাদী-আশা কৰ্মীৰ পাৰিতোষিক বন্ধ: জিষ্ণু বৰুৱা

ABOUT THE AUTHOR

...view details