গুৱাহাটী, 4 ছেপ্তেম্বৰ : উপ নিৰ্বাচনৰ বাবে ব্যাপক তৎপৰতা অৱলম্বন কৰিছে শাসকীয় বিজেপি দলে । ফণীধৰ তালুকাদৰে এআইইউডিএফ(AIUDF) দল আৰু বিধায়ক পদ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ লগে লগে ভৱানীপুৰ সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হোৱাটো খাটাং হৈ পৰে । যাৰ পৰিপ্ৰেক্ষিতত বিজেপিয়ে সমষ্টিটোৰ বাবে উপ নিৰ্বাচন প্ৰস্তুতি সমিতি গঠন কৰিছে ।
বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই গঠন কৰি দিছে উক্ত সমিতিখন । ভৱানীপুৰ সমষ্টিৰ বাবে বিধায়ক জয়ন্ত মল্ল বৰুৱাক সংযোজক হিচাপে লৈ সমিতিখন গঠন কৰা হৈছে । সমিতিখনত সদস্য হিচাপে আছে মনোজ বৰুৱা, গৌতম দাস, চক্ৰধৰ দাস, নগেন চৌধুৰী, মিহিৰ তালুকদাৰ, ৰাজীৱ দাস, মনোজ বসুমতাৰী আৰু ৰাতুল শৰ্মা ।
লগতে পঢ়ক:এতিয়াৰে পৰা ঘৰতে বহি অনলাইন যোগে লাভ কৰিব পাৰিব ড্ৰাইভিং লাইচেঞ্চ