নিউজ ডেস্ক, ১২ জুলাই : পশ্চিমবংগত অনুষ্ঠিত শেহতীয়া পঞ্চায়ত নিৰ্বাচনত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হয় । এই নিৰ্বাচনী হিংসাত কেইবাজনো লোকে প্ৰাণ হেৰুওৱাৰ লগতে বহু লোক আহত হয় । বিজেপিকে ধৰি বংগৰ বিৰোধী দলবোৰে ইয়াৰ বাবে পশ্চিমবংগৰ শাসনাধিস্থিত মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছক দোষাৰোপ কৰিছে ।
আনহাতে, তৃণমূলে এই অভিযোগ প্ৰত্যাখ্যান কৰিছে । তাৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে । হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পিছতে পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছত জোকাৰণিৰ সৃষ্টি হৈছে । লগতে হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ বিৰোধিতা কৰি বংগ চৰকাৰৰ এগৰাকী মন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰীক সমালোচনা কৰিছে ।
উল্লেখ্য, মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰীয়ে যোৰহাটত এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সময়ত উল্লেখ কৰিছিল পশ্চিমবংগৰ শেহতীয়া পঞ্চায়ত নিৰ্বাচনৰ হিংসাত্মক ঘটনাৰ কথা । তেওঁ সাংবাদিকৰ আগত প্ৰকাশ কৰিছিল যে পশ্চিমবংগৰ শেহতীয়া নিৰ্বাচনকেন্দ্ৰিক হিংসাত নিজৰ জীৱনৰ নিৰাপত্তা বিচাৰি প্ৰায় ১৫০ জন লোকে অসমত আশ্ৰয় লৈছে । প্ৰাণৰ মমতাত অসমত আশ্ৰয় লোৱা এই ব্যক্তিসকলৰ ভিতৰত ১৩৩ জন লোকক ধুবুৰীত আশ্ৰয় শিবিৰত অসম চৰকাৰে আশ্ৰয় প্ৰদান কৰাৰ কথাও উল্লেখ কৰে । লগতে তেওঁ কয় যে এই লোকসকলক খাদ্য-সামগ্ৰী যোগানকে ধৰি অত্যাৱশ্যকীয় সকলো সুবিধা প্ৰদান কৰা হৈছে আৰু তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে । এক টুইটযোগেও মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে ।