গুৱাহাটী,১৭ মে': প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত ১৯ মে'ত ৰাজ্যখনৰ ৫ লাখ ১০ হেজাৰ হিতাধিকাৰীক গৃহ আবণ্টন পত্ৰ আৰু প্ৰথম কিস্তিৰ পুঁজি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব । এই উপলক্ষে সিদিনা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত যোৰহাটৰ কৰ্ট ফিল্ডত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) মুখ্য অতিথি আৰু কেন্দ্ৰীয় চৰকাৰৰ গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ বিভাগৰ মন্ত্ৰী গিৰিৰাজ সিঙে (Central minister Giriraj Singh) সন্মানীয় অতিথিৰূপে উপস্থিত থাকিব ।
এই কথা সদৰি কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (Minister Ranjit Das) । আজি গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী প্ৰশিক্ষণ মহাবিদ্যালয়ত সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ২০২১-২২ বৰ্ষৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ অধীনত অসমক নতুনকৈ ৭ লাখ গৃহৰ আবণ্টন দিছে ।
ইয়াৰে ৫ লাখ ১০ হাজাৰ হিতাধিকাৰীয়ে ১৯ মে'ত আনুষ্ঠানিকভাৱে গৃহ আবণ্টন পত্ৰ আৰু প্ৰথম কিস্তিৰ পুঁজি লাভ কৰিব (Beneficiary to get home allotment letter and first instalment) । তেওঁ লগতে কয় যে এই ৫ লাখ ১০ হাজাৰ হিতাধিকাৰীৰ বাবে চৰকাৰৰ ব্যয় হ’ব প্ৰায় ৭৭৩৯.৫ কোটি টকা । প্ৰথম কিস্তি হিচাপে হিতাধিকাৰীসকলে লাভ কৰিব মুঠ ১৬৫৭.৫০ কোটি টকা ।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ প্ৰতিগৰাকী হিতাধিকাৰীক এই আঁচনিৰ অধীনত তিনিটা কিস্তিত মুঠ ১ লাখ ৩০ হেজাৰ টকাৰ সাহাৰ্যৰ উপৰি এম জি এনৰেগাৰ অধীনত ৯৫ দিনৰ মজুৰি হিচাপে ২১,৭৫৫ টকা প্ৰদান কৰা হয় । অর্থাৎ পি এম এ ৱাই-জিৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে মুঠ ১,৫১,৭৫৫ টকাকৈ লাভ কৰিব । তেওঁ কয় যে হিতাধিকাৰীসকলে এবছৰৰ ভিতৰত গৃহ নির্মাণ সম্পূর্ণ কৰি তুলিব লাগিব ।
বাকী হিতাধিকাৰী সকলকো অতি শীঘ্ৰে চৰকাৰে গৃহ আবণ্টন আৰু পুঁজি প্ৰদান কৰিব বুলি তেওঁ সদৰি কৰে । ২০২৪ চনৰ ভিতৰত চৰকাৰে ৰাজ্যখনত প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ গৃহ নির্মাণ সম্পূর্ণ কৰি তোলাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে । পি এম এ ৱাই-জিৰ হিতাধিকাৰীৰ বাবে বিভাগে ৬ টা গৃহ নক্সা প্ৰস্তুত কৰিছে আৰু এই নক্সাসমূহৰ পৰা এটা নক্সা নিৰ্বাচন কৰি স্থানীয়ভাৱে উপলব্ধ সামগ্ৰী ব্যৱহাৰ কৰি হিতাধিকাৰীসকলে গৃহ নির্মাণৰ কাম সম্পূর্ণ কৰিব পাৰিব ।