গুৱাহাটী, 28 অক্টোবৰ : গুৱাহাটী মহানগৰীৰ বেলতলাৰ বৰুৱা দম্পতী হত্যাকাণ্ড(Beltola Murder Case)ৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে । এইবাৰ অভিযুক্ত আকাশ চৌধুৰী(Accused Akash Choudhury)ৰ পত্নী পুতু দাসকো গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে । আকাশ চৌধুৰীৰ পত্নীক আটক কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে । সম্প্ৰতি স্বাস্থ্য পৰীক্ষাৰ কৰাই পুতু দাসক পানবজাৰ মহিলা থানাত জেৰা চলাই আছে আৰক্ষীয়ে ।
উল্লেখ্য যে, বিগত 20 বছৰ ধৰি বৰুৱা দম্পতীৰ ঘৰত বনকৰা হিচাপে আছিল পুতু দাস । সমগ্ৰ ঘটনা তন্ন-তন্নকৈ অনুসন্ধান চলাইছে কামৰূপ মহানগৰ আৰক্ষী(Kamrup Police)য়ে । ইতিমধ্যে অভিযুক্ত আকাশ চৌধুৰীক 7 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে । আৰক্ষীয়ে তদন্তত ইতিমধ্যে আকাশ চৌধুৰীৰ বিৰুদ্ধে বহু ক্লু লাভ কৰিছে ।
দিছপুৰ আৰক্ষীৰ উপৰিও ফ’ৰেনঞ্চিক, ক্ৰাইম ব্ৰাঞ্চে পৃথকে পৃথকে চলাই আছে অনুসন্ধান । 26 অক্টোবৰত সংঘটিত হৈছিল এই হত্যাকাণ্ড । কেয়াৰটেকাৰ আকাশ চৌধুৰীৰ পত্নী পুতু দাস এতিয়া যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে । ইফালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)য়ো নিৰ্বাচনী প্ৰচাৰ সামৰি বুধবাৰে নিশা খবৰ লৈছিল পৰিয়ালটোৰ ।