অসম

assam

ETV Bharat / state

বেলজিয়ামৰ পৰা গুৱাহাটীলৈঃ কোভিড-19ৰ তিতা-মিঠা অভিজ্ঞতা - দিল্লীত সাত দিন

গুৱাহাটীৰ এগৰাকী চিকিৎসক, যিয়ে বিদ্যায়তনিক উদ্দেশ্যৰে তিনি মাহৰ কাৰ্যসূচী হাতত লৈ উৰা মাৰিছিল সুদূৰ বেলজিয়ামলৈ। কোভিড-১৯ৰ সংক্ৰমণ তুংগত উঠাত তিনি মাহৰ পৰিবৰ্তে চাৰে পাঁচ মাহ তেওঁ আৱদ্ধ হৈ পৰিবলগীয়া হৈছিল বেলজিয়ামত। সেই অভিজ্ঞতাৰ জোলোঙা তেওঁ মেলি দিছে ই টিভি ভাৰতৰ আগত চাওক এই বিশেষ সাক্ষাৎকাৰ-

belgium-to-guwahati-come-to-during-lock-down-dr-durlav-prasad-bora-expariance-share-etv-bharat-assam
বেলজিয়ামৰ পৰা গুৱাহাটীলৈঃ কোভিড-19ৰ তিতা-মিঠা অভিজ্ঞতা

By

Published : Jul 5, 2020, 5:34 PM IST

গুৱাহাটী,৫জুলাইঃ লক ডাউন,কোৱাৰেন্টাইন,আইচ'লেশ্বন আদিৰ দৰে শব্দবোৰৰ সৈতে যেন এতিয়া সকলো অভ্যস্ত! বিগত প্ৰায় চাৰি মাহজুৰি এই শব্দবোৰৰ সৈতেই সহাৱস্থান কৰিবলগীয়া হৈছে সকলোৱে। প্ৰতিজন লোকেই অৰ্জন কৰিছে এক নতুন অভিজ্ঞতা। গুৱাহাটীৰ এগৰাকী চিকিৎসক, যিয়ে বিদ্যায়তনিক উদ্দেশ্যৰে তিনি মাহৰ কাৰ্যসূচী হাতত লৈ উৰা মাৰিছিল সুদূৰ বেলজিয়ামলৈ।

বেলজিয়ামৰ পৰা গুৱাহাটীলৈঃ কোভিড-19ৰ তিতা-মিঠা অভিজ্ঞতা

সেই সময়তে সমগ্ৰ বিশ্বজুৰি কোভিড-১৯ৰ সংক্ৰমণ তুংগত উঠাত তিনি মাহৰ পৰিবৰ্তে চাৰে পাঁচ মাহ তেওঁ আৱদ্ধ হৈ পৰিবলগীয়া হৈছিল বেলজিয়ামত। অৱশেষত ভাৰত চৰকাৰে হাতত লোৱা "বন্দে ভাৰত" আঁচনিৰ জৰিয়তে তেওঁ আহি উপস্থিত হৈছিল প্ৰথমে দিল্লীত।

বেলজিয়ামৰ পৰা গুৱাহাটীলৈঃ কোভিড-19ৰ তিতা-মিঠা অভিজ্ঞতা

দিল্লীত সাত দিন সম্পূৰ্ণ নিজৰ খৰচত কোৱাৰেন্টাইন হৈ থকাৰ পিছত তেওঁ আহি উপস্থিত হয় গুৱাহাটীত । লগে লগে অসম চৰকাৰৰ ফালৰ পৰা তেওঁক পুণৰ এখন হোটেলত কোৱাৰেন্টাইন কৰা হয় । নাম তেওঁৰ ডা৹ দূৰ্লভ প্ৰসাদ বৰা খানাপাৰাস্থিত অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ অনুজীৱ (Microbiology) বিভাগৰ সহকাৰী অধ্যাপক ।

বেলজিয়ামৰ পৰা গুৱাহাটীলৈঃ কোভিড-19ৰ তিতা-মিঠা অভিজ্ঞতা
ডাঃ বৰাই খুব ওচৰৰ পৰা দেখি আহিল বেলজিয়ামৰ লক ডাউন, সেই অভিজ্ঞতা কেতিয়াও হয়তো তেওঁ পাহৰিব নোৱাৰিব। বেলজিয়াম, দিল্লী আৰু গুৱাহাটী এইহেন ক‘ৰণা মহামাৰি সময়ত তিনিও ঠাইৰে তিতা-মিঠা অভিজ্ঞতা বুটলি ডাঃ বৰা ইতিমধ্যে আহি উপস্থিত হৈছে নিজৰ ঘৰখনত ।
বেলজিয়ামৰ পৰা গুৱাহাটীলৈঃ কোভিড-19ৰ তিতা-মিঠা অভিজ্ঞতা

লগতে পঢ়কঃ বিধস্ত পথ : হাতে হাতে কোৰ লৈ ৰাইজে কৰিলে মেৰামতি

ABOUT THE AUTHOR

...view details