অসম

assam

ETV Bharat / state

নিৰ্বাচন আহিলেহে গুৱাহাটীৰ খোৱাপানীৰ সমস্যাৰ কথা মনত পৰে নেকি ৰাজনৈতিক দলৰ ? - গুৱাহাটী মহানগৰৰ খোৱাপানী আৰু অনাময় পৰিষদ

আগন্তুক গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে সকলো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে । ইতিমধ্যে শাসকীয় দল বিজেপি আৰু বিৰোধী দল কংগ্ৰেছে পৌৰ নিগমৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰিছে । এইবাৰ ৰাজনৈতিক দলসমূহৰ পৌৰ নিগমৰ মূল ইছ্যু হিচাপে গুৱাহাটীবাসীৰ খোৱাপানীৰ সমস্যা সমাধান কৰাৰ কথা উল্লেখ কৰা হৈছে (Drinking water problem of Guwahati) ৷

GMC Election 2022
নিৰ্বাচন আহিলেহে গুৱাহাটীৰ খোৱাপানীৰ সমস্যাৰ কথা মনত পৰে ৰাজনৈতিক দলৰ

By

Published : Apr 16, 2022, 9:12 PM IST

গুৱাহাটী, 16 এপ্ৰিল: আগন্তুক গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে সকলো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে । ইতিমধ্যে শাসকীয় দল বি জে পি, বিৰোধী দল কংগ্ৰেছ আদি ৰাজনৈতিক দলে পৌৰ নিগমৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰিছে । এইবাৰৰ পৌৰ নিগমৰ নিৰ্বাচনত ৰাজনৈতিক দলসমূহে মূল ইছ্যু হিচাপে গুৱাহাটীবাসীৰ খোৱাপানীৰ সমস্যা সমাধান কৰাৰ কথা উল্লেখ কৰিছে (Solution of Guwahati drinking water problem) ৷ গুৱাহাটীবাসীৰ খোৱাপানীৰ সমস্যা সমাধানক ৰাজনৈতিক দলসমূহে নিৰ্বাচনী ইস্তাহাৰত প্ৰথম স্থানত ৰাখিছে (Election manifesto of GMC election)।

উল্লেখ্য যে, গুৱাহাটীত খোৱা পানীৰ সমস্যা বৰ্তমান অন্যতম জটিল সমস্যা হিচাপে দেখা দিছে (Drinking water problem of Guwahati) । গুৱাহাটী পৌৰ নিগমৰ তথ্য মতে মহানগৰীৰ মাত্ৰ ৩০ শতাংশ মানুহেহে চৰকাৰী আঁচনিৰ খোৱাপানী লাভ কৰে । মহানগৰীৰ বাকী ৭০ শতাংশ মানুহে চৰকাৰী খোৱাপানী আঁচনিৰ পৰা বঞ্চিত হৈ আছে । পৌৰ নিগমৰ এক তথ্যমতে বৰ্তমানৰ জনসংখ্যা অনুযায়ী গুৱাহাটীত দৈনিক ৩২৮.৮৬ নিযুত লিটাৰ খোৱাপানীৰ প্ৰয়োজন । বিপৰীতে মহানগৰীত দৈনিক ২৫৬.৪৬ নিযুত লিটাৰ খোৱাপানীৰ নাটনি হৈ আছে ।

বিজেপি দলে পৌৰ নিগমৰ নিৰ্বাচনী ইস্তাহাৰত গুৱাহাটী পানী যোগান প্ৰকল্পৰ জৰিয়তে অম্বিকাগিৰি নগৰ, আকাশী পথ, জু-ৰোড, চিনাকি পথৰ পৰা বিএছএফ কেম্প, এম টি ৰোডৰ সোঁকাষ, অমিয় নগৰ, কৃষ্ণ নগৰ, ৰুদ্ৰ নগৰ, হলিচাইল্ড স্কুল এলেকা, চানমাৰি, মিলনপুৰ, গৱৰ্ণমেন্ট প্ৰেছ ৰোড, বামুণীমৈদামৰ পৰা চানমাৰি আৰক্ষী থানালৈকে মণিৰাম দেৱান পথ, ৰেডক্ৰচ এলেকা, নাৰিকলবাৰী, বৈকুণ্ঠপুৰৰ পৰা গীতা মন্দিৰলৈকে, ৰাজগড় ৰোড় আৰু পূৰ্ব শৰণীয়া এলেকা, এম টি ৰোডৰ বাওঁফাল, ভাস্কৰ নগৰ এলেকা, জু-ৰোড, জুনাৰেংগী তিনিআলিত অহা জুন মাহৰ পৰা পর্যায়ক্ৰমে প্ৰতি মাহত ৫ হাজাৰৰ পৰা ৮ হাজাৰলৈকে গৃহত পানী যোগানৰ সংযোগ দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ।

ইপিনে পৌৰ নিগম দখল কৰিলে ১০০ দিনৰ ভিতৰত গুৱাহাটীৰ সকলো মানুহক খোৱাপানী যোগান ধৰিব বুলি নিৰ্বাচনী ইস্তাহাৰত প্ৰতিশ্ৰুতি দিছে কংগ্ৰেছে দলে । লক্ষ্যনীয় যে, বিজেপি বা কংগ্ৰেছ দলে গুৱাহাটীবাসীক খোৱাপানী যোগান ধৰাৰ যি প্ৰতিশ্ৰুতি দিছে সেয়া অকল ভোটাৰক আভুৱা ভাৰি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰে একমাত্ৰ লক্ষ্য বুলি সচেতন মহলত আলোচিত হৈছে । মন কৰিবলগীয়া যে, বিজেপি দলৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইস্তাহাৰৰ জৰিয়তে যি নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছে সেয়া হৈছে পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্পৰ জৰিয়তহে কেন্দ্ৰীয় গুৱাহাটীৰ উক্ত নিৰ্ধাৰিত এলেকাৰ মানুহক পানী যোগান ধৰিব । আচলতে এই পৰিকল্পনাটো পুৰণি ।

কেন্দ্ৰীয় গুৱাহাটী পানী যোগান প্ৰকল্পটো সম্পূৰ্ণ নোহোৱা পৰ্যন্ত যোৱা ২০১৬ চনতে ১০ লাখ টকা ব্যয় কৰি পশ্চিম গুৱাহাটী প্ৰকল্পৰ সদিলাপুৰৰ পানী পৰিশোধন কেন্দ্ৰৰ পৰা এডাল পাইপ খাৰখুলিত চলি থকা কেন্দ্ৰীয় গুৱাহাটী পানী যোগান প্ৰকল্পৰ এটা জলাধাৰালৈ সংযোগ স্থাপন কৰা হৈছিল । এই পাইপডালেৰে পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্পৰ সদিলাপুৰৰ পানী পৰিশোধন কেন্দ্ৰৰ পৰা খোৱাপানী কেন্দ্ৰীয় গুৱাহাটীৰ সেই নিৰ্ধাৰিত এলেকাসমূহৰ ৫ হাজাৰৰ পৰা ১০ হাজাৰ মানুহক খোৱাপানী যোগান ধৰাৰ বাবে পৰিকল্পনা কৰিছিল । কেন্দ্ৰীয় গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈ নুঠালৈকে এই পৰিকল্পনা কৰিছিল । চৰম অনিয়মৰ বাবে কিন্তু সেয়াও সময়ত হৈ নুঠিল ।

মন কৰিবলগীয়া যে, পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাম বৰ্তমানো আধৰুৱা হৈ আছে । এই প্ৰকল্পৰ জৰিয়তে পশ্চিম গুৱাহাটীৰ ২ লাখ ৫০ হাজাৰ মানুহক খোৱাপানী যোগান ধৰা কথা আছিল । কিন্তু চৰম অনিয়ম আৰু দুৰ্নীতিৰ বাবে প্ৰকল্পটোয়ে বৰ্তমানলৈ সম্পূৰ্ণ হোৱাৰ মুখ দেখা নাই । শেহতীয়াভাৱে প্ৰকল্পটোৰ ৫১.৫৫ কোটি টকাৰ পানীৰ পাইপ ধ্বংস হোৱাৰ তথ্য পোহৰলৈ আহিছে । প্ৰকল্পটো ৰূপায়ন কৰি থকা Gammon engineers and contractors private limited য়ে চৰকাৰৰ সংশ্লিষ্ট বিভাগক প্ৰকল্পটোৰ ৫১.৫৫ কোটি টকাৰ পানীৰ পাইপ ধ্বংস হোৱাৰ তথ্য সদৰি কৰিছে ।

Gammon engineers and contractors private limitedৰ মহা প্ৰবন্ধক এম কে বাৰ্মাই শেহতীয়াভাৱে চৰকাৰৰ সংশ্লিষ্ট বিভাগলৈ প্ৰেৰণ কৰা পত্ৰত উল্লেখ কৰা মতে, পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্পৰ ৪৯.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ পাইপ ধ্বংস হৈছে । এনে পৰিপ্ৰেক্ষিতত ইস্তাহাৰত প্ৰকাশ কৰা মতে বিজেপিয়ে গুৱাহাটীৰ উক্ত এলেকাৰ মানুহক খোৱাপানী যোগান ধৰা এক নিৰ্বাচনী প্ৰতিশ্ৰুতি বুলিহে সৰ্বত্ৰে আলোচনা হৈছে ।

ইপিনে কংগ্ৰেছ দলে ইস্তাহাৰত প্ৰকাশ কৰা মতে সকলো গুৱাহাটীবাসীক কি প্ৰকল্পৰ জৰিয়তে ১০০ দিনৰ ভিতৰত খোৱাপানী যোগান ধৰিব সেয়া স্পষ্ট ৰূপত উল্লেখ কৰা নাই । কাৰণ চৰম অনিশ্চয়তাৰে চলি আছে গুৱাহাটী পানী যোগান প্ৰকল্পৰ (Guwahati water supply project)কাম । গুৱাহাটীবাসীক ২৪ ঘণ্টাই খোৱাপানী যোগান ধৰাৰ বাবে যোৱা ৮-৯ বছৰৰ ধৰি চলি থকা চাৰিটা পানী যোগান প্ৰকল্পৰ কাম চৰম দুৰ্নীতি আৰু অনিয়মৰ বাবে এটাও প্ৰকল্প সম্পূৰ্ণ হোৱা নাই । ২০০৯-১০ চনত JNNURM আঁচনিৰ জৰিয়তে আৰম্ভ কৰা পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাম ২০১১-১২ চনত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছিল ।

আকৌ ২০১১-১২ চনত জাইকাৰ (The Japan International Cooperation Agency) পৰা ঋণ লৈ আৰম্ভ কৰা কেন্দ্ৰীয় গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাম ২০১৩-১৪ চনত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছিল । ইপিনে ২০০৩-১৪ চনত Asian Development Bank পৰা ঋণ লৈ আৰম্ভ কৰা পূব গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাম ২০৬-১৭ চনত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছিল । আনহাতে ২০০১৪-১৫ চনত জাইকাৰ ( JICA) পৰা ঋণ লৈ আৰম্ভ কৰা উত্তৰ গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাম ২০১৭-১৮ চনত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছিল । গুৱাহাটী মহানগৰৰ খোৱাপানী আৰু অনাময় পৰিষদৰ (Guwahati metropolitan drinking and sewerage board) তথ্য মতে কেন্দ্ৰীয় গুৱাহাটী পানী যোগান প্ৰকল্পটোৰ কাম এতিয়ালৈকে ৬০ শতাংশহে সম্পূৰ্ণ হৈছে ।

উত্তৰ গুৱাহাটী প্ৰকল্পৰ কাম ৩০ শতাংশ হৈছে । কেন্দ্ৰীয় আৰু উত্তৰ গুৱাহাটী পানী যোগান প্ৰকল্প দুটাৰ পানীৰ পাইপ বহুওৱাৰ কাম তিনিবছৰ ধৰি বন্ধ হৈ আছে । আনহাতে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে ২০২৩ চনৰ ছেপ্টেম্বৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা পূব গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাম এতিয়ালৈকে ২০ শতাংশহে হৈছে । Asian development bank য়ে দুবছৰ পূৰ্বে অনিয়মৰ বাবে প্ৰকল্পটোৰ বাবে নিৰ্ধাৰিত কৰা ঋণ দিয়া বন্ধ কৰি দিয়াৰ বাবে প্ৰকল্পটোৰ কাম দুবছৰ ধৰি বন্ধ হৈ আছে ।

ইপিনে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে ২০২২ চনৰ ৩১ ডিচেম্বৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা পশ্চিম গুৱাহাটী প্ৰকল্পৰ বহু কাম আধৰুৱা হৈ আছে । গুৱাহাটী মহানগৰৰ উন্নয়ন কৰ্তৃপক্ষই এই প্ৰকল্পটো ৰূপায়ণ কৰি থকা গেমন ইণ্ডিয়াক ১০০ কোটি টকা দিবলৈ আছে । যাৰ বাবে গেমন ইণ্ডিয়াই লেহেমীয়া গতিৰে প্ৰকল্পটোৰ কাম কৰি আছে । ইপিনে চৰকাৰী তথ্য মতে, গুৱাহাটী পৌৰ নিগমে দৈনিক ৪১.২৫ নিযুত লিটাৰ পানী যোগান ধৰাৰ বিপৰীতে জনস্বাস্থ্য কাৰিকৰী বিভাগে দৈনিক ২৩.৬৫ নিযুত লিটাৰ আৰু গুৱাহাটী মহানগৰ পানী যোগান আৰু অনাময় পৰিষদে ৭.৫০ নিযুত লিটাৰ খোৱাপানী যোগান ধৰে ।

গুৱাহাটী পৌৰ নিগমৰ অধীনত পানবজাৰ, খাৰঘুলিৰ সাতপুখুৰী আৰু কামাখ্যাত থকা ৩ টা পানী যোগান প্ৰকল্পৰ জৰিয়তে ক্ৰমে ২২.৫০, ১৫.৭৫ আৰু ৩ নিযুত লিটাৰ খোৱাপানী যোগান ধৰা হয় । বৰ্তমান গুৱাহাটীৰ মাত্ৰ ৩০ শতাংশ মানুহক খোৱাপানী যোগান ধৰি থকা চৰকাৰী প্ৰকল্পবোৰ আওপুৰণি হোৱাৰ বাবে পানী যোগানৰ ক্ষমতা হ্ৰাস পায় আহিছে । আচৰিত কথা যে, এই ক্ষেত্ৰত শাসকীয় আৰু বিৰোধী দলৰ মাজত এই সন্দৰ্ভত কোনো স্পষ্টতা নাই । মাত্ৰ গুৱাহাটীৰ নিৰ্বাচন আহিলে বিজেপি হওক বা কংগ্ৰেছ হওক সকলোৰে গুৱাহাটীৰ খোৱাপানীৰ সমস্যাৰ কথা মনত পৰে ।

লগতে পঢ়ক:Crude Oil Production in Assam: অসমত উদ্বেগজনকভাৱে হ্ৰাস পাইছে খাৰুৱা তেলৰ উৎপাদন

ABOUT THE AUTHOR

...view details