অসম

assam

ETV Bharat / state

ৱেলনেছ আৰু পাৰ্লাৰ এছ'চিয়েচনৰ গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেল - গুৱাহাটী প্ৰেছ ক্লাৱ

কোনো দুষ্টচক্ৰই ছিণ্ডিকেট চলা বুলি অপপ্ৰচাৰ চলোৱাক লৈ জাঙুৰ খাই উঠিছে সংগঠনটো ৷ তাকে লৈ প্ৰেছ ক্লাবত আয়োজিত হ'ল এই সংবাদমেল ৷

Beauty parlour
Beauty parlour

By

Published : Jun 20, 2020, 7:05 AM IST

গুৱাহাটী, 20 জুনঃৱেলনেছ আৰু পাৰ্লাৰ এছ'চিয়েচনৰ গুৱাহাটী প্ৰেছ ক্লাৱত শুকুৰবাৰে আয়োজিত কৰে এক সংবাদমেল ৷ বিউটি পাৰ্লাৰৰ বৃত্তি লগত জড়িত লোক সকলৰ সমস্যা ওপৰত গঢ় লৈ উঠা ৱেলনেছ আৰু পাৰ্লাৰ এছ'চিয়েচনৰ নামৰ সংগঠনটো ওপৰত কোনো দুষ্টচক্ৰই ছিণ্ডিকেট চলা বুলি অপপ্ৰচাৰ চলোৱাক লৈ জাঙুৰ খাই উঠিছে সংগঠনটো ৷ তাকে লৈ সংগঠনটোৱে আয়োজন কৰে এই সংবাদমেল ৷

ৱেলনেছ আৰু পাৰ্লাৰ এছ'চিয়েচনৰ সংবাদমেল

জন্মলগ্নৰে পৰা কেৱল ১৬০০ টকা সতীৰ্থ সকলৰ অনুদান জমা হোৱা সংগঠনটো কিদৰে ছিণ্ডিকেট চলিব পাৰে বুলি সংবাদমেলত কয় সংগঠনটো সভাপতি অচিন্ত প্ৰাণ শৰ্মাই ৷

থলুৱা যুৱক-যুৱতী সংস্থাপনৰ হকে সদায় সংগঠনটোৱে কাম কৰি অহাৰ লগতে ভৱিষ্যতেও কাম কৰি যাব বুলি জানিবলৈ দিলে তেওঁ ৷

আনহাতে ব্যৱসায়ৰ অনুজ্ঞাপত্ৰ বহু পাৰ্লাৰ চলি আছে বুলি সংবাদমেলখনত জানিবলৈ দিয়ে ৷ তেনে পাৰ্লাৰ সমূহৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক আহ্বান জনায় সংগঠন টোৱে ৷ আনহাতে লকডাউনৰ সময়ত আৰ্থিক ক্ষতি হোৱা বাবে ঘৰৰ মালিক সকলে যাতে ভাড়াৰ ক্ষেত্ৰত কিছু ৰেহাই দিয়ে তাৰ বাবে অনুৰোধ কৰে সংগঠনটোৱে ৷

লগতে পঢ়কঃক'ৰণা ভাইৰাছক ৰাজনৈতিক ভাইৰাছলৈ নিব বিচাৰিছে বিজেপিয়ে: ৰিপুণ বৰা

ABOUT THE AUTHOR

...view details