অসম

assam

By

Published : Oct 19, 2022, 3:27 PM IST

Updated : Oct 19, 2022, 10:12 PM IST

ETV Bharat / state

Debajit Saikia felicitated: বিমানবন্দৰত BCCIৰ নৱনিৰ্বাচিত যুটীয়া সাধাৰণ সম্পাদক দেৱজিৎ শইকীয়াক উষ্ম আদৰণী

অসমৰ ক্ৰি কেট অনুৰাগীৰ বাবে আহিছে এক সুখবৰ । অসম ক্ৰিকেট সন্থাৰ (Secretary of Assam Cricket Association) সম্পাদক দেৱজিৎ শইকীয়া বিচিচিআইৰ (Debajit Saikia elected as Joint Secretary of BCCI) যুটীয়া সম্পাদক হিচাপে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে ।

bcci joint secretary debajit saikia at airport
বিমানবন্দৰত BCCIৰ নৱনিৰ্বাচিত যুটীয়া সাধাৰণ সম্পাদক দেৱজিৎ শইকীয়াক উষ্ম আদৰণী

গুৱাহাটী, ১৯ অক্টোবৰ: প্ৰথমজন অসমীয়া দেৱজিৎ শইকীয়াই বি চি চি আইৰ গুৰুত্বপূৰ্ণ পদ যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে ৰাজ্যৰ ক্ৰীড়া প্ৰেমীৰ মাজত আনন্দৰ লহৰ উঠিছে(Debajit Saikia elected as Joint Secretary of BCCI) । বি চি চি আইৰ গুৰুত্বপূৰ্ণ পদ যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈছে দেৱজিৎ শইকীয়া(Debajit Saikia at Airport) ।

বিমানবন্দৰত BCCI ৰ নৱনিৰ্বাচিত যুটীয়া সাধাৰণ সম্পাদক দেৱজিৎ হাজৰিকাক উষ্ম আদৰণী জনোৱা পৰিলক্ষিত হয়(BCCI Joint Secretary Debajit Saikia welcomes) । অসম ক্ৰিকেট সন্থাই উষ্ম আদৰণী জনাই দেৱজিৎ শইকীয়াক । অসমৰ বাবে বহুতো পৰিকল্পনা থকা বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে নৱনিৰ্বাচিত যুটীয়া সাধাৰণ সম্পাদক দেৱজিৎ শইকীয়াই । অসম তথা উত্তৰ-পূৰ্বাঞ্চলকে ধৰি ভাৰতত ক্ৰিকেটৰ উন্নয়নৰ বাবে কাম কৰি যোৱাৰ আশ্বাস প্ৰদান । মুম্বাইৰ বিলাসী হোটেলত অনুষ্ঠিত হোৱা বাৰ্ষিক সাধাৰণ সভাত দেৱজিৎ শইকীয়াক যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয় ।

বিমানবন্দৰত BCCIৰ নৱনিৰ্বাচিত যুটীয়া সাধাৰণ সম্পাদক দেৱজিৎ শইকীয়াক উষ্ম আদৰণী

উল্লেখ্য যে বিচিচিআইৰ ৯১ তম বাৰ্ষিক সাধাৰণ সভাত মঙলবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (BCCI) সভাপতি হিচাপে নিৰ্বাচিত হৈছে ৰ'জাৰ বিন্নী । অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়া বিচিচিআই ৰ যুটীয়া সম্পাদক হিচাপে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয় । বিচিচিআই ৰ মুখ্য কাৰ্যালয়ৰ পৰিৱৰ্তে দক্ষিণ মুম্বাইৰ এখন বিলাসী হোটেলত বিচিচিআইৰ ৯১ তম বাৰ্ষিক সাধাৰণ সভাখন অনুস্থিত হয় ।

আনহাতে,গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহে বিচিচিআইৰ সচিব (Jay Shah is BCCI secretary) হিচাপে পুনৰ নিৰ্বাচিত হৈছে । তদুপৰি ৰাজীৱ শুক্লাও ব'ৰ্ডৰ উপ-সভাপতি হিচাপে নিৰ্বাচিত হৈছে । সৰ্বসৰ্বন্মতিক্ৰমে নিৰ্বাচিত হোৱা বিচিচিআইৰ আন বিষয়ববীয়সকলৰ ভিতৰত আছে আশীষ শ্বেলাৰ(কোষাধ্যক্ষ) । ইফালে, বিদায়ী কোষাধ্যক্ষ অৰুণ ধুমল আই পি এলৰ নতুন অধ্যক্ষ হ'ব (Arun Dhumal is new chairman of IPL)।

লগতে পঢ়ক:Road Accident At Nalbari: কাতি বিহুৰ নিশা নলবাৰীত পথ দুৰ্ঘদুটৰ্ঘনাত মৃত্যু এজনৰ

Last Updated : Oct 19, 2022, 10:12 PM IST

ABOUT THE AUTHOR

...view details