অসম

assam

ETV Bharat / state

গণেশগুৰিত আধ্যাত্মিক পৰিবেশৰ মাজত উদযাপন বাথৌ পূজা - bathou puja

মহানগৰীৰ গণেশগুৰিত আধ্যাত্মিক পৰিবেশৰ মাজত উদযাপন বাথৌ পূজা । দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা বাথৌ পূজাৰ দ্বিতীয় দিনা পূজাস্থলীত সমাবেশ ঘটিল হাজাৰ হাজাৰ ভক্তৰ ।

বাথৌ পূজা
গণেশগুৰিত আধ্যাত্মিক পৰিবেশৰ মাজত উদযাপন বাথৌ পূজা

By

Published : Mar 14, 2020, 11:31 PM IST

গুৱাহাটী, 14 মাৰ্চঃৰাজ্যৰ ভূমিপুত্ৰ বড়ো জনগোষ্ঠীৰ লোক সকলে অতি পবিত্ৰ পূজা হিচাপে গণ্য কৰা বাথৌ পূজা দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয় মহানগৰীৰ গণেশগুৰিত । সাধাৰণতে বড়ো জনগোষ্ঠীৰ লোকসকলে প্ৰতিবছৰে মাঘ মাহৰ দ্বিতীয় মঙলবাৰে অতি উলহ-মালহেৰে উদযাপন কৰা বাথৌ পূজা মহানগৰীৰ গণেশগুৰিত প্ৰতি পাঁচ বছৰৰ মূৰত উদযাপন কৰা হয় ।

গণেশগুৰিত আধ্যাত্মিক পৰিবেশৰ মাজত উদযাপন বাথৌ পূজা

এইবেলিও গণেশগুৰিৰ গোপাল বড়ো বিদ্যালয়ৰ সমীপত মহানগৰীৰ বেলতলা মৌজাৰ অন্তৰ্গত বড়ো জনগোষ্ঠীৰ লোক সকলে শুকুৰবাৰৰ পৰা দুদিনীয় কাৰ্যসূচীৰে উদযাপন কৰে বাথৌ পূজা । শুকুৰবাৰে আৰম্ভণিৰ দিনা পূজাস্থলীত হাজাৰ হাজাৰ লোক সমবেত হোৱাৰ বিপৰীতে শনিবাৰে পুৱাৰে পৰা ভক্ত সকলে পূজাস্থলীত সমবেত হৈ তেওঁলোকৰ ঘাই দেৱতাক পূজা অৰ্চনা কৰা পৰিলক্ষিত হয় ।

গণেশগুৰিত আধ্যাত্মিক পৰিবেশৰ মাজত উদযাপন বাথৌ পূজা

বিভিন্ন ধৰ্মীয় ৰীতি নীতিৰে বাথৌ দেৱতাক পূজা অৰ্চনা কৰাৰ লগতে বাথৌক সন্তুষ্ট কৰিবলৈ খেৰাই নৃত্যও কৰে বড়ো মহিলা সকলে । বাথৌ পূজাত সিজু আৰু তুলসী গছৰ দুটা ডাল একেলগে কৰি তাৰে বাথৌ বেদীত শান্তিয়নী পানী ছটিওৱাৰ পিছত সেই ডাল দুটা বেদীৰ সোঁমাজত ৰোপন কৰা হয় । বড়ো জনগোষ্ঠীৰ লোক সকলে সাধাৰণতে বছৰত দুবাৰ বাথৌ পূজা অনিস্থিত কৰে । হিন্দু ধৰ্মত লৌকিক দেৱতাৰূপে শিৱৰ যি ধাৰণা তাৰে সৈতে বড়ো লোকদেৱতা বাথৌৰ সাদৃশ্য আছে । বড়ো সকলৰ বিশ্বাস মতে আদি দেৱতা শিৱই তেওঁলোকৰ পিতৃ দেৱতা।

আৰু পঢ়কঃ মৰ্মান্তিকঃ ওদালগুৰিত কইনা থ'বলৈ গৈ প্ৰাণ গ'ল ৫ জনৰ

ABOUT THE AUTHOR

...view details