গুৱাহাটী, ১৪ মে' :প্ৰতিকূল বতৰকো নেওচি শুকুৰবাৰে পুৱাই মহানগৰীত প্ৰশাসনে উচ্ছেদ অভিযান চলাইছিল (Eviction drive at Silsako Beel)। মহানগৰীৰ চচলস্থিত শিলসাঁকো বিলত প্ৰশাসনৰ এস্কেভেটৰৰ সহায়ত চলিছিল এই উচ্ছেদ অভিযান । শিলসাঁকো বিলত থকা শতাধিক পৰিয়ালৰ বাসগৃহৰ লগতে সেই স্থানত থকা মন্দিৰ আদিতো পৰিল প্ৰশাসনৰ এস্কেভেটৰৰ হাঁতোৰা । প্ৰশাসনৰ এই উচ্ছেদৰ সময়ত ভুক্তভোগী পৰিয়ালবোৰ বিভিন্ন ধৰণে বাধা দিবলৈ চেষ্টা কৰিছিল যদিও প্ৰশাসনে উচ্ছেদ চলাই গ'ল । ফলত দিশহাৰা হৈ পৰিল পৰিয়ালসমূহ ।
এই উচ্ছেদৰ পিছতে বিভিন্ন দল-সংগঠনে উচ্ছেদিত পৰিয়ালৰ হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । বিকল্প সংস্থাপন অবিহনে উচ্ছেদ বন্ধ ৰাখিবলৈ চৰকাৰক আহ্বান জনাইছে দল-সংগঠনসমূহে । শিলসাঁকো বিলত চলা উচ্ছেদক দুৰ্ভাগ্যজনক আখ্যা দি ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ (Bhumi Adhikar Sangram Samittee) সভাপতি তথা গুৱাহাটী মাটি পট্টাকৰণ সংগ্ৰাম সমিতিৰ সম্পাদক প্ৰবীণ জ্যোতি কলিতাই বিকল্প সংস্থাপন অবিহনে উচ্ছেদ বন্ধ ৰাখিব লাগে বুলি দাবী কৰে (BASS urges government to stop eviction in Guwahati)।
তেওঁৰ অভিযোগ চৰকাৰে ভূমিৰ পট্টা দিয়াক লৈ ৰাজনীতি কৰি আছে । কিছুদিন পূৰ্বে পৌৰ নিগমৰ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীয়ে নিজে কৈছিল যে মহানগৰীত যিয়ে য'ত বাস কৰি আছে সকলোকে মাটিৰ পট্টা দিয়া হ'ব (CM on land lease issue)। কিন্তু নিৰ্বাচন যোৱাৰ পাছতে হঠাৎ কোনো জাননী অবিহনে প্ৰতিকূল বতৰকো নেওচি শিলসাঁকোত চলিল উচ্ছেদ ।