নিউজ ডেস্ক,৭ ডিচেম্বৰ:'গুপ্তহত্যা' শব্দতো যেন আজিও অসমবাসীৰ বাবে এক আতংক (Secret killings of Assam) । তেজে ধোৱা ইতিহাসৰ এটি অংশ 'গুপ্তহত্যা' । ১৯৯৬ চনৰ পৰা ২০০১ চন পৰ্যন্ত চলা এই হত্যাৰ ঘটনা অতীত হৈ পৰিলেও অসমীয়া মানুহে কাহানীও পাহৰিব নোৱাৰা এক অধ্যায় । এই গুপ্তহত্যাৰ বিষয়বস্তু হিচাপে লৈ প্ৰথমবাৰৰ বাবে নিৰ্মাণ কৰা হৈছে এখন ছবি (Based on the secret killings of Assam a new movie) । বাস্তৱধৰ্মী এই চিনেমাখন সত্য ঘটনাৰ আলম লৈ নিৰ্মাণ কৰা হৈছে বুলি চিনেমাখনৰ আৰম্ভণিতে কোৱা হৈছে । ছবিখনৰ নাম দিয়া হৈছে Shadow Assassins (New movie Shadow Assassin) ।
৯ ডিচেম্বৰত মুক্তি পাব লগা Shadow Assassins ৰ এক বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত হয় মহানগৰীৰ জ্যোতি চিত্ৰবনত(Jyoti Chitraban) । মঙলবাৰে অনুষ্ঠিত প্ৰিমিয়াৰ শ্ব'ত উপস্থিত থাকে অসমীয়া ছবিজগতৰ ভালেসংখ্যক ব্যক্তিৰ লগতে সাংস্কৃতিক কৰ্মী তথা ছবিখনৰ প্ৰায়সংখ্যক কলা-কুশলী । ৯ ডিচেম্বৰত দেশৰ ২০০ ৰো অধিক ছবিগৃহত মুক্তিপাব ছবিখনে (Release of new movie in India) । নীলাঞ্জন ৰীতা দত্তৰ কাহিনী, পৰিচালনাৰে মুক্তি পাবলগীয়া ছবিখনৰ গীতত কণ্ঠদান কৰিছে হাৰ্টথ্ৰৱ জুবিন গাৰ্গ আৰু বলীউদৰ জনপ্ৰিয় কণ্ঠশিল্পী জাভেদ আলীয়ে । ছবিখনত বলিউডৰ অভিনেতা অভিনেত্ৰীৰ লগতে কেইবাগৰাকীও অসমীয়া অভিনেতা-অভিনেত্ৰীয়েও অভিনয় কৰিছে ।
বিশেষ প্ৰদৰ্শনী উপভোগ কৰি আপ্লুত হৈ পৰে উপস্থিত দৰ্শকসকল । সকলোৱে যেন উভতি গ'ল ১৯৯৬ চনৰ পৰা ২০০১ চনৰ সেই সময়চোৱালৈ । অসমৰ প্ৰায়সংখ্যক লোকেই জ্ঞাত অসমৰে এটি পৰিয়ালৰ সঁচা কাহিনী যেন পৰিস্ফুত হৈছে ছবিখনত । প্ৰিমিয়াৰ শ্ব'ত উপস্থিত দৰ্শকসকলৰ ভিতৰত খবৰ ৰখা আৰু জনাসকলে সেই বিশেষ পৰিয়ালটিৰ চৰিত্ৰকেইটা কোন কোন আছিল যেন উপলব্ধি কৰিলে ছবিখন উপভোগ কৰি ।