গুৱাহাটী, 20 নৱেম্বৰ :শিক্ষকসকলৰ বাবে পাঠ পৰিকল্পনা সৰল কৰাৰ লক্ষ্যৰে প্ৰথমবাৰৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা (এ আই) আধাৰিত শৈক্ষিক এপ উদ্ভাৱন কৰিছে বৰপেটাৰ এগৰাকী শিক্ষকে । এই কথা সোমবাৰে Xৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্বেয়াৰ কৰিছে ।
"কৃত্ৰিম বুদ্ধিমত্তা (এ আই) য়ে শিক্ষাৰ ক্ষেত্ৰত কিছুমান আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিব পাৰে, শিক্ষাদান আৰু শিক্ষণ পদ্ধতিৰ উদ্ভাৱন কৰিব পাৰে । অসমৰ বৰপেটাত, আমাৰ জিলা কৰ্তৃপক্ষই শিক্ষকসকলৰ বাবে পাঠ পৰিকল্পনা সৰল কৰিবলৈ এ আই এপ উদ্ভাৱন কৰিছে", অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই Xত এইদৰে উল্লেখ কৰে ৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে বৰপেটাৰ জিলাৰ শিক্ষা বিভাগত কৰ্মৰত এজন শিক্ষকে তিনিটা কৃত্ৰিম বুদ্ধিমত্তা (এ আই) আধাৰিত শৈক্ষিক এপ উদ্ভাৱন কৰিছে আৰু এই এপ তিনিটাই শিক্ষকসকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকলকো যথেষ্ট পৰিমাণে উপকৃত কৰিব বুলি স্ৰষ্টাই দাবী কৰিছে ।