গুৱাহাটী, ৪ জুন : লক ডাউনৰ বাবে সকলো শ্ৰেণীৰ লোকৰ লগতে তীব্ৰ আৰ্থিক সংকটত ভুগিছে নিম্ৰ আয়ৰ অধিবক্তাসকল । যাৰবাবে নিম্ন আয়ৰ অধিবক্তা সকলক এককালীন সাহাৰ্য প্ৰদান কৰাৰ কথা ঘোষণা কৰে উত্তৰ পূৰ্বাঞ্চলৰ বাৰ কাউন্সিলে । এই কথা জানিবলৈ দিলে উত্তৰ পূৰ্বাঞ্চলৰ পাঁচখন ৰাজ্যৰ বাৰ কাউন্সিলৰ অধ্যক্ষ হাফিজ ৰচিদ আহমেদ চৌধুৰীয়ে।
নিম্ন আয়ৰ অধিবক্তাক সাহাৰ্য প্ৰদান বাৰ কাউন্সিলৰ
নিম্ন আয়ৰ অধিবক্তা সকলক এককালীন সাহাৰ্য প্ৰদান কৰাৰ কথা ঘোষণা কৰে উত্তৰ পূৰ্বাঞ্চলৰ বাৰ কাউন্সিলে । ৫ হাজাৰ কৈ সাহাৰ্য প্ৰদান কৰিব বাৰ কাউন্সিলে । আনহাতে,সকলো অধিবক্তাৰ বাবে আদালত চৌহদ মুকলি কৰি দিবলৈ চৰকাৰক আহ্বান বাৰ কাউন্সিলৰ ।
Bar association provide financial help to lawyars affected due to lockdown
ইতিমধ্যে প্ৰায় 12 শ লোকৰ একাউন্টত অনলাইন টকা ট্ৰান্সফাৰ কৰাৰ কথা জানিবলৈ দিলে অধ্যক্ষ গৰাকীয়ে। আনহাতে, বৰ্তমানলৈ আদালত সকলো অধিবক্তাৰ বাবে মুকলি কৰি নিদিয়াৰ বাবে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে বুলি জানিবলৈ দিলে অধ্যক্ষ গৰাকীয়ে। অধিবক্তা সকলৰ পৰিস্থিতি লৈ চাই অতি শীঘ্ৰে আদালতৰ চৌহদ সকলোৰে বাবে মুকলি কৰি দিবলৈ চৰকাৰক অনুৰোধ জনাইছে উত্তৰ পূৰ্বাঞ্চলৰ পাঁচখন ৰাজ্যৰ বাৰ কাউন্সিলৰ অধ্যক্ষ হাফিজ ৰচিদ আহমেদ চৌধুৰীয়ে।
লগতে পঢ়ক : যোৰহাটত বজাৰ খোলাৰ নিৰ্দেশ জিলা উপায়ুক্তৰ