গুৱাহাটী,২৮ জুন :মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ (Maharashtra political crisis) এতিয়া গুৱাহাটীত চলিছে বিভিন্ন কুচকাৱাজ তথা ক্ৰিয়া-প্ৰতিক্ৰিয়া । মহাৰাষ্ট্ৰৰ দুকুৰিৰো অধিক বিসম্বাদী বিধায়কে ৰাজধানী চহৰ গুৱাহাটীত বাহৰ পাতি থকাৰ সময়তে মহাৰাষ্ট্ৰৰ ৰাজনীতিয়ে গুৱাহাটী তথা ৰাজ্যত বিশেষ চৰ্চা লাভ কৰিছে । যোৱা এসপ্তাহ ধৰি মহাৰাষ্ট্ৰৰ দুকুৰিৰো অধিক বিসম্বাদী বিধায়কে ৰাজধানী চহৰ গুৱাহাটীৰ বিলাসী হোটেল ৰেডিশ্বন ব্লুত বাহৰ পাতি আছে (Maharashtra rebel MLAs in Guwahati)।
আনহাতে গুৱাহাটীৰ ৰাজপথত একাংশ দল-সংগঠনে বিসম্বাদী বিধায়কসকলৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে (Protest against rebel MLAs of Maharashtra)। আকৌ আন কোনো দল-সংগঠনে বিসম্বাদী বিধায়কসকলৰ সমৰ্থনত বেনাৰ, হ'ৰ্ডিং লগাইছে । গুৱাহাটীৰ বিলাসী হোটেল ৰেডিশ্বন ব্লুৰ কিছু নিলগতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত সোমবাৰে একনাথ সিন্দেৰ সমৰ্থনত বৃহৎ হ'ৰ্ডিং স্থাপন কৰাৰ পিছতে মঙলবাৰে বিসম্বাদী বিধায়কসকলৰ বিৰুদ্ধে লংকেশ্বৰৰ সমীপত বেনাৰ লগোৱা ঘটনাই বিশেষ চৰ্চা লাভ কৰিছে ।