অসম

assam

ETV Bharat / state

নমামি ব্ৰহ্মপুত্ৰ উৎসৱৰ সাত বছৰ পাচতো কিমান উন্নয়ন হ’ল লুইতৰ পাৰৰ !

নমামি ব্ৰহ্মপুত্ৰ উৎসৱৰ সাতটা বৰ্ষ পাৰ হ'ল ৷ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰ উন্নয়ন আৰু সৌন্দৰ্যবদ্ধৰ্ন কৰি তোলাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি প্ৰস্তুত কৰিলে ৷ কিন্তু লুইতৰ পাৰৰহে বৰ্তমানলৈকে নহ’ল কোনো উন্নয়ন (Bank of Brahmaputra has not yet developed in Guwahati) ৷

By

Published : Jan 8, 2022, 7:03 PM IST

Namami Brahmaputra festival
নমামি ব্ৰহ্মপুত্ৰ উৎসৱৰ সাত বছৰ পাচতো কিমান উন্নয়ন হ’ল লুইতৰ পাৰৰ !

গুৱাহাটী, 8 জানুৱাৰী : গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰ উন্নয়ন আৰু সৌন্দৰ্যবৰ্দ্ধন কৰি তোলাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে প্ৰস্তুত কৰিলে বিভিন্ন আঁচনি ৷ কোটি কোটি টকা ব্যয় কৰি নমামি ব্ৰহ্মপুত্ৰ উৎসৱ আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰিলে ৰাজ্য চৰকাৰে ৷ আচৰ্যৰ কথা যে, ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰহে কিন্তু আজিলৈকে নহ’ল কোনো পৰিৱৰ্তন(Bank of Brahmaputra has not yet developed in Guwahati) ৷

ব্ৰহ্মপুত্ৰ নদীৰ পাৰ এতিয়াও আৱৰ্জনা পেলোৱা আৰু মল তাগ কৰা স্থানলৈ পৰ্যবসিত হৈয়ে আছে ৷ গুৱাহাটীৰ ভৰলুমুখৰ পৰা ৰাজভৱনলৈ যোৱা সমগ্ৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰ আৱৰ্জনাৰে ভৰি পৰিছে ৷ কিন্তু এই ক্ষেত্ৰত নিৰৱ দৰ্শকৰ ভূমিকা পালন কৰিছে গুৱাহাটীৰ উন্নয়নৰ দায়িত্বত থকা বিভাগীয় মন্ত্ৰী তথা ৰাজ্য চৰকাৰ ৷

উল্লেখ্য যে, ২০১৩ চনত কংগ্ৰেছ নেতৃত্বাধীন ৰাজ্য চৰকাৰে নীলাচল পাহাৰৰ ওচৰৰ পৰা ৰাজভৱনলৈ লুইতৰ পাৰৰ উন্নয়ন কৰাৰ বাবে এক অভিলাষী আঁচনি গ্ৰহণ কৰিছিল ৷

নমামি ব্ৰহ্মপুত্ৰ উৎসৱৰ সাত বছৰ পাচতো কিমান উন্নয়ন হ’ল লুইতৰ পাৰৰ !

এই আঁচনি ৰূপায়নৰ দায়িত্ব দিয়া হৈছিল গুৱাহাটী মহানগৰ উন্নয়ন কতৃৰ্পক্ষক ৷ উন্নয়ন কতৃৰ্পক্ষই এটা ব্যক্তিগত কোম্পানীৰ সহায়ত নীলাচল পাহাৰৰ পৰা ফাঁচীবজাৰ হৈ ৰাজভৱনলৈ ২০ কিলোমিটাৰ দূৰত্ব নদীৰ পাৰ উন্নয়নৰ কনচেণ্ট আঁচনি প্ৰস্তুত কৰিছিল ৷ উন্নয়ন কতৃৰ্পক্ষই নদীৰ পাৰ উন্নয়নৰ বিস্তৃত প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰাৰ পূৰ্বে ২০১৩ চনত নৈ খনৰ গতি, গভীৰতা, বাৰিষা আৰু খৰালিৰ নৈ খনৰ অৱস্থাৰ বিষয়ে অধ্যয়ন কৰাৰ বাবে ৰুৰকীৰ নেচনেল ইনষ্টিটিউট অব হাইড্ৰোল’জী (National Institute of Hydrology) চমুকৈ এন আই এইচক দায়িত্ব দিছিল ৷

এই অধ্যয়নৰ বাবে ৮৩,৫২,৭৩০ টকা ধাৰ্য কৰা হৈছিল ৷ অসম আন্তঃগাঁথনি বিত্তীয় কতৃৰ্পক্ষই ইয়াৰে ৫০ শতাংশ ধন অৰ্থাৎ প্ৰায় ৪২ লাখ টকা শেহতীয়াকৈ এন আই এইচক অধ্যয়নৰ বাবে মোকলাই দিছিল ৷ এন আই এইচক ১৮ মাহৰ ভিতৰত নৈখনৰ আৰু ইয়াৰ পাৰৰ বিভিন্ন অধ্যয়ন কৰাৰ সময় বান্ধি দিয়া হৈছিল ৷ কিন্তু পৰিতাপৰ কথা যে, আজিলৈকে এন আই এইচৰ অধ্যয়ন সম্পূৰ্ণ নহ’ল ৷

উন্নয়ন কতৃৰ্পক্ষৰ নদীৰ পাৰ উন্নয়নৰ ডি পি আৰ প্ৰস্তুতৰ কাম আৰম্ভ নহ’ল ৷ ২০১৬ চনত ৰাজ্যৰ শাসন ক্ষমতা দখল কৰি বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে নদীৰ পাৰ উন্নয়নৰ চমক সৃষ্টিৰ বাবে প্ৰায় ১০ কোটি টকা ব্যয় কৰি নমামি ব্ৰহ্মপুত্ৰ উৎসৱ অনুষ্ঠিত কৰিলে ৷ নমামি ব্ৰহ্মপুত্ৰ উৎসৱ হৈ যোৱা বহুদিন হ’ল ৷ কিন্তু গুৱাহাটীৰ লুইতৰ পাৰৰ কিন্তু উন্নতি সাধন নহ’ল ৷

উল্লেখ্য যে, ২০১৬ চনত ৰাজ্য চৰকাৰে গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পৰ (Guwahati Smart City Project) অধীনত ব্ৰহ্মপুত্ৰ নদীৰ পাৰ উন্নয়নৰ এক নতুন আঁচনি গ্ৰহণ কৰিছিল ৷ গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প ৰূপায়নৰ দায়িত্বত থকা গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডক কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে নদীৰ পাৰ উন্নয়নৰ আঁচনি ৰূপায়নৰ বাবে ২০১৭ চনৰ আৰম্ভণিতে ৮২৬ কোটি টকাৰ অনুমোদন দিছিল ৷

আক্ষেপৰ কথা যে, বিগত দুবছৰ ধৰি নদীৰ পাৰ উন্নয়নৰ কাম আৰম্ভ কৰা দূৰৈৰ কথা নদীৰ পাৰ উন্নয়নৰ বাবে বিস্তৃত প্ৰকল্প প্ৰতিবেদন চমুকৈ ডি পি আৰ আজি পৰ্যন্ত প্ৰস্তুত হৈ নুঠিল ৷ বিগত বছৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰ উন্নয়নৰ কাম চলিত বছৰৰ পৰা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল ।

কিন্তু বৰ্তমানলৈকে এই ক্ষেত্ৰত কোনো কাৰ্যকৰী পদক্ষেপ লোৱা নাই । এনেদৰেই বছৰ বছৰ ধৰি এখনৰ পিছত আনখন ৰাজ্য চৰকাৰে ‘অভিনবভাৱে’ লুইতৰ পাৰ উন্নয়নৰ কাম কৰি আছে ৷

লগতে পঢ়ক :Pagaldiya festival in Nalbari: নলবাৰীৰ মৈৰাদঙাত পাগলদিয়া মহোৎসৱৰ প্ৰস্তুতি তুংগত

ABOUT THE AUTHOR

...view details