গুৱাহাটী,17 এপ্ৰিলঃ লক ডাউনৰ সময়তো প্ৰশাসনে জাৰি কৰা কোনো নীতি-নিৰ্দেশনা মানিবলৈ যেন সাজু নহয় একাংশ বেংক কৰ্মচাৰী ৷ প্ৰশাসনৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই ৰাজপথতে কৰ্তব্যৰত আৰক্ষী আৰু সাংবাদিকৰ সৈতে তৰ্কাতৰ্কিতহে লিপ্ত হোৱা দেখা গ'ল একাংশ বেংক কৰ্মচাৰীক ৷ এই ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সমুখত ৷ আৰক্ষী প্ৰশাসনৰ লোকে তলাবন্ধ আইন ভংগকাৰীসকলৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সময়তে নিয়ম উলংঘা কৰি একাংশ বেংক কৰ্মচাৰীৰ দুৰ্ব্যৱহাৰৰ সন্মুখীন হ'ব লগা হ'ল কৰ্তব্যৰত আৰক্ষী ৷ আনকি আৰক্ষীৰ লগতে বেংক কৰ্মচাৰীৰ দুৰ্ব্যৱহাৰৰ সন্মুখীন হ'ল কৰ্তব্যৰত ই টিভি ভাৰতৰ সাংবাদিক ছৰফৰাজ খান ৷ কেৱল তৰ্কাতৰ্কিতে ক্ষান্ত নাথাকি সাংবাদিকগৰাকীৰ কেমেৰাতো হাত দিয়ে এগৰাকী বেংক কৰ্মচাৰীয়ে ৷ লক ডাউনৰ এই সময়ত দিনে নিশাই ৰাইজৰ বাবে সেৱা আগবঢ়াই থকা আৰক্ষী আৰু সাংবাদিকক এইদৰে অপদস্থ কৰাত এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷
কৰ্তব্যৰত আৰক্ষী আৰু সাংবাদিকক দুৰ্ব্যৱহাৰ বেংক কৰ্মচাৰীৰ - corona virus
আৰক্ষী আৰু সাংবাদিকক দুৰ্ব্যৱহাৰ বেংক কৰ্মচাৰীৰ ৷ সাংবাদিকৰ কেমেৰালৈ চোঁচা ল'লে আইন ভংগকাৰী বেংক কৰ্মচাৰীয়ে ৷

কৰ্তব্যৰত আৰক্ষী আৰু সাংবাদিকক দুৰ্ব্যৱহাৰ আইন ভংগকাৰী বেংক কৰ্মচাৰীৰ
কৰ্তব্যৰত আৰক্ষী আৰু সাংবাদিকক দুৰ্ব্যৱহাৰ বেংক কৰ্মচাৰীৰ