অসম

assam

ETV Bharat / state

Dispur College Defraud Case: ৩০ জুনৰ ভিতৰত ধন ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি বেংক কৰ্তৃপক্ষৰ - দিছপুৰ আৰক্ষী থানা

৩০ জুনৰ ভিতৰত বেংক কৰ্তৃপক্ষই ঘুৰাই দিব দিছপুৰ কলেজৰ একাউন্টৰ পৰা হৰলুকী হোৱা ধন (Dispur College defraud case) ৷ এই কথা জানিবলৈ দিছে মহাবিদ্যলয়খনৰ অধ্যক্ষই ৷

Dispur College Defraud Case
৩০ জুনৰ ভিতৰত ধন ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি বেংক কৰ্তৃপক্ষৰ

By

Published : May 27, 2022, 8:03 PM IST

গুৱাহাটী, ২৭ মে’: মহানগৰীৰ দিছপুৰ কলেজৰ হৰলুকী কৰা ধন(Dispur College defraud case) ৩০ জুনৰ ভিতৰত ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছে বেংক কৰ্তৃপক্ষই ৷ এই কথা সংবাদমাধ্যমক জনায় মহাবিদ্যলয়খনৰ অধ্যক্ষই (Dispur college principal)। অধ্যক্ষ্যগৰাকীয়ে কয় যে, কলেজৰ একাউন্টৰ পৰা ৭৬ লাখ বেংক কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে হৰণলুকি হৈছিল (Cyber Thieves hacks Dispur college bank account)।

ঘটনা সন্দৰ্ভত ৪ মে’ত দিছপুৰ আৰক্ষী থানাত দাখিল কৰা হৈছিল এজাহাৰ । ইয়াৰ পাছতে বেংক কৰ্তৃপক্ষই টকাখিনি ঘূৰাই দিম বুলি প্ৰতিশ্ৰুতি দিয়ে । প্ৰতিশ্ৰুতি অনুসৰি কলেজ কৰ্তৃপক্ষক ধন ঘূৰাই দিয়াত পলম হোৱাত বেংক কৰ্তৃপক্ষলৈ কলেজৰ অধ্যক্ষই দুবাৰকৈ চিঠি লিখাৰ পাছতো কোনো সহাৰি নোপোৱাত আৰক্ষীক জনায় । আৰক্ষীয়ে সেয়ে বৃহস্পতিবাৰে বেংক অব্ বৰোদাৰ দিছপুৰ শাখাৰ মুখ্য শাখা প্ৰবন্ধক আৰু দুই মহিলা কৰ্মচাৰী মাতি পঠাইছিল থানালৈ ।

৩০ জুনৰ ভিতৰত ধন ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি বেংক কৰ্তৃপক্ষৰ

৪৫ দিনৰ ভিতৰত ধন ঘূৰাই দিম বুলি প্ৰতিশ্ৰুতি দিয়াৰ পাছত নিশাই যাবলৈ দিয়া হয় শাখা প্ৰবন্ধক আৰু মহিলা কৰ্মচাৰী দুগৰাকীক ৷ আনহাতে BSNL ৰ দুই কৰ্মচাৰীকো সোধপোচৰ বাবে থানালৈ মাতি অনা হয় আৰু নিশাই যাবলৈ দিয়া হয় । হৰণলুকি হোৱা ধনখিনি কলকাতা, মুম্বাই আদিৰ বিভিন্ন একাউন্টত সোমোৱা বুলি জানিবলৈ দিছে অধ্যক্ষগৰাকীয়ে । আনহাতে এই প্ৰৱঞ্চকে অধ্যক্ষগৰাকীৰ ভুৱা ফটো আৰু পৰিচয় পত্ৰ দি চিম কাৰ্ড উলিওৱা বুলিও জানিবলৈ দিছে ।

উল্লেখ্য যে, দিছপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ নৱজ্যোতি বৰাৰ মোবাইল নম্বৰতে আন এখন চিম উলিয়াই দিছিল BSNLৰ দুই কৰ্মচাৰীয়ে । ইয়াৰ পাছতে বেংক অব্ বৰোদাৰ দিছপুৰ শাখাত থকা মহাবিদ্যালয়খনৰ একাউন্টৰ পৰা ৭৬ লাখ টকা হৰণলুকি হৈছিল । এই কথা পোহৰলৈ অহাৰ পাছতে মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল । আৰক্ষীয়ে ১০৯৪/২২ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০ বি/২০৯/৪৬৮/ ৪৬৭/৪২০/৪৭১ ধাৰাত গোচৰ ৰুজু কৰি আৰম্ভ কৰিছিল তদন্ত ।

লগতে পঢ়ক:চীনৰ পৰা 50 হাজাৰ PPE কীট কিনা নাছিল চৰকাৰে: কংগ্ৰেছ

ABOUT THE AUTHOR

...view details