অসম

assam

ETV Bharat / state

পাকিস্তান নহয়, এইবাৰ "জয় বাংলাদেশ" বিতৰ্ক ! - বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই

বিধানসভাৰ মজিয়াত স্বয়ং মন্ত্ৰী ডঃ হিনন্তবিশ্ব শৰ্মাই "জয় বাংলাদেশ" ধ্বনি দিয়াৰ পিছতো তেওঁৰ বিৰুদ্ধে আজিকোপতি কোনো ব্যৱস্থা লোৱা নহ'ল কিয় বুলি প্ৰশ্ন উত্থাপন কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।

bangladesh zindabad controversy at assam politices
পাকিস্তান নহয়, এইবাৰ "জয় বাংলাদেশ" বিতৰ্ক

By

Published : Nov 8, 2020, 3:24 PM IST

গুৱাহাটী, 8 নৱেম্বৰঃ মুঠতে শাসকীয় বিজেপিয়েই কওক বা বিৰোধী কংগ্ৰেছেই কওক কিম্বা এ আই ইউ ডি এফেই কওক, ধৰ্মীয় মেৰুকৰণৰ ক্ষেত্ৰত এতিয়া কোনো পিছ পৰি থকা নাই । নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে যেন ইয়াক লৈ প্ৰতিযোগিতাহে চলিছে এই দল সমূহৰ মাজত ৷ শিলচৰ বিমান বন্দৰত "পাকিস্তান জিন্দাবাদ" বিতৰ্ক চলি থকাৰ মাজতে এইবাৰ কংগ্ৰেছে পোহৰলৈ আনিছে আন এক নতুন বিষয় । বিধানসভাৰ মজিয়াত স্বয়ং মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই "জয় বাংলাদেশ" ধ্বনি দিয়াৰ পিছতো তেওঁৰ বিৰুদ্ধে আজিকোপতি কোনো ব্যৱস্থা লোৱা নহ'ল কিয় বুলি প্ৰশ্ন উত্থাপন কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।

পাকিস্তান নহয়, এইবাৰ "জয় বাংলাদেশ" বিতৰ্ক

শইকীয়াই কয়, "যোৱা জানুৱাৰী মাহৰ বিধানসভাৰ অধিবেশনত, নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা আৰু ইয়াৰ সন্দৰ্ভত কংগ্ৰেছ দলে বিধানসভাৰ অধ্যক্ষৰ পৰা বিচৰা এক আলোচনাৰ দাবী উত্থাপন কৰিব যাওতে আমাৰ সতীৰ্থ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে "জয় আই অসম" ধ্বনি দিছিল, তাৰ পৰিৱৰ্তে ইয়াৰ বিৰোধিতা কৰিবলৈ অসমৰ বিত্ত, স্বাস্থ্য তথা শিক্ষা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই "জয় বাংলাদেশ" ধ্বনি সদনৰ মজিয়াত দিছিল। ইয়াৰ ওপৰত দিয়া গোচৰৰ আজিলৈ কোনোধৰণৰ নিষ্পত্তি হোৱা নাই । সেই গতিকে মুখ্যমন্ত্ৰীলৈ মোৰ অনুৰোধ, তেওঁ শীঘ্ৰে এই সন্দৰ্ভত তদন্ত কৰিবলৈ গৃহমন্ত্ৰী হিচাপে প্ৰশাসনক কঠোৰ আদেশ দিয়ক ।"

লগতে পঢ়কঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক পেজ বন্ধ কৰাৰ দাবী বদৰুদ্দিন আজমলৰ

ABOUT THE AUTHOR

...view details