গুৱাহাটী, ২৬ ফেব্ৰুৱাৰী :গুৱাহাটীৰ ডাবল মাৰ্ডাৰৰ খলনায়িকা বন্দনা কলিতাৰ নৃশংস কাণ্ডৰ তদন্তত নিতৌ ন ন তথ্য পোহৰলৈ আহিছে (Brutal murder in Guwahati) । শংকৰী দে’ৰ স্বামীৰ পৰিয়ালৰ লগত নাছিল কোনো সম্পৰ্ক । শংকৰী দে’ৰ নুনমাটিৰ ফ্লেটৰ লগত আছে ভতিজাক সুবিৰ দে’ৰ দোকান । কিন্তু ভতিজাক সুবিৰ দে’ৰ লগত প্ৰায় ১০/১২ বছৰ পৰা কোনোধৰণৰ সম্পৰ্ক নাই শংকৰী দে’ৰ ।
তথ্য অনুসৰি, পূৰ্বতে ভতিজাক সুবিৰ দে’ক উলুবাৰীত এখন কাপোৰ দোকান খুলি চলাবলৈ দিছিল শংকৰী দে’য়ে । কিন্তু সময়মতে সুবিৰ দে’ক ধন নিদিয়াৰ বাবে তেওঁ উলুবাৰীৰ দোকানখন চলাবলৈ এৰি দিছিল । তেতিয়াৰ পৰাই ভতিজাকৰ সৈতে সম্পৰ্ক নাছিল শংকৰী দে’ আৰু অমৰজ্যোতি দে’ৰ লগত । যদিহে পৰিয়ালৰ লোকৰ লগত সম্পৰ্ক থাকিলে হয়, তেন্তে শংকৰী দে’ আৰু অমৰজ্যোতি দে’ক হত্যা (Bandana Kalita Murder case) কৰিব নোৱাৰিলে হয় বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ভতিজাক সুবিৰ দে’য়ে ।
তেওঁ কয় যে অমৰজ্যোতি দে’ৰ পিতৃ প্ৰয়াত অমৰেশ চন্দ্ৰ দে’ৰ পাঁচজন ভাই-ককাই আছিল । অমৰেশ চন্দ্ৰ দে’ আছিল তিনি নম্বৰৰ সন্তান । কিন্তু অমৰেশ চন্দ্ৰ দে’ ঢুকুৱাৰ পিচত স্বামী পৰিয়ালৰ মাজত সু-সম্পৰ্ক ৰখা নাছিলে শংকৰী দে’য়ে (Sankari Dey had no relationship with her husband family) । আনকি শংকৰী দে’ৰ বোৱাৰী বন্দনায়ো শহুৱেকৰ পৰিয়ালৰ কোনো সদস্যৰ সৈতে সু-সম্পৰ্ক বজাই ৰখা নাছিল ৷
লগতে পঢ়ক :Guwahati Double Murder : বন্দনাৰ পৰা বিবাহৰ বাবে ২ লাখ টকা লৈছিল অৰূপ ডেকাই