অসম

assam

ETV Bharat / state

মহাবাহুৰ বুকুৰে বাঁহৰ ভূৰত এক দুঃসাহসিক যাত্ৰা - মহাবাহুৰ বুকুৰে বাহৰ ভূৰত বৃহত্তম নদী দ্বীপ

মহাবাহুৰ বুকুৰে বাহৰ ভূৰত বৃহত্তম নদী দ্বীপৰ পৰা ক্ষুদ্ৰতম নদী দ্বীপলৈ যাত্ৰা শেখৰ আৰু ৰিচানৰ । যোৱা ৩০ ছেপ্তেম্বৰত অৰণ্য মানৱ যাদৱ পায়েঙে শুভ উদ্বোধন কৰে এই যাত্ৰাৰ ।

বাহৰ ভূৰত দুঃসাহসিক যাত্ৰা
বাহৰ ভূৰত দুঃসাহসিক যাত্ৰা

By

Published : Oct 8, 2020, 9:04 PM IST

গুৱাহাটী, 8 অক্টোবৰ: অসমৰ তিনিজন যুৱকৰ দুঃসাহসিক ৰোমাঞ্চকৰ যাত্ৰা ৷ মহাবাহুৰ বুকুৰে বাহৰ ভূৰত বৃহত্তম নদী দ্বীপৰ পৰা ক্ষুদ্ৰতম নদী দ্বীপলৈ যাত্ৰা শেখৰ আৰু ৰিচানৰ । যোৱা ৩০ ছেপ্তেম্বৰত অৰণ্য মানৱ যাদৱ পায়েঙে শুভ উদ্বোধন কৰে এই যাত্ৰাৰ । এওঁলোকৰ সংগী হৈ আহিছিল ফটোগ্ৰাফাৰ নয়ন বৰদলৈ ৷

প্ৰকৃতি সুৰক্ষা আৰু পৰ্যটন ক্ষেত্ৰত এক নতুন ধাৰা সুচনাৰ লক্ষ্যৰে এই যাত্ৰা কৰিছে দুই যুৱকে ৷ মাজুলীৰ পৰা আৰম্ভ হোৱা এই যাত্ৰা বৃহস্পতিবাৰে গুৱাহাটীৰ উমানন্দ ঘাটত সামৰণি পৰে ।

বৃহত্তম নদী দ্বীপৰ পৰা ক্ষুদ্ৰতম নদী দ্বীপলৈ যাত্ৰা দুই যুৱকৰ

উল্লেখযোগ্য যে এই যাত্ৰা ৰোমাঞ্চকৰ আছিল যদিও খুবেই ভয়ংকৰ আছিল । ইয়াৰ উপৰি বহু ন ন অভিজ্ঞতা লাভ কৰাৰ কথা বৰ্ণনা কৰিলে শেখৰ আৰু ৰিচানে। গুৱাহাটীৰ উমানন্দ ঘাটত উপস্থিত হোৱাৰ পাছতেই বিভিন্ন দল-সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে শেখৰ বৰদলৈ, ৰিচান দলে আৰু নয়ন বৰদলৈক। লগতে এই তিনিজন যুৱকৰ সাহসিকতাক সকলোৱে শলাগ লৈছে ।

লগতে পঢ়ক :অটল সুৰংগৰে পাৰ হ'ল সেনাৰ প্ৰথমটো কনভয়

ABOUT THE AUTHOR

...view details