গুৱাহাটী, 31 মে' : বাঁহ ! বাঁহ খেতি ! বাঁহ শিল্প ! বাঁহ খেতিৰ বাবে অনুকূল অসমৰ সাৰুৱা ভূমি আৰু উপযুক্ত জলবায়ুয়ে অতীজৰে পৰা বাঁহ শিল্পৰ যোগেদি গ্ৰাম্য অৰ্থনীতিক কিছু পৰিমাণে শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ৷ ইতিমধ্যে ৰাজ্যৰ গ্ৰাম্যাঞ্চলৰ পৰা বহিঃৰাজ্য পৰ্যন্ত অকল্পনীয়ভাবে বাঁহৰ চাহিদা বাঢ়ি পোৱা পৰিলক্ষিত হৈছে । অসমৰ থলুৱা কুটিৰ শিল্পসমূহৰ ভিতৰত উল্লেখযোগ্য এই বাঁহ শিল্পই ৰাজ্যৰ নিবনুৱাসকলৰ বাবে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে ৷
কৰ'ণা ভাইৰাচৰ আগ্ৰাসন আৰু লকডাউনৰ ফলত কৰ্মহীন হৈ পৰা ৰাজ্যৰ কেইবাহাজাৰ নিবনুৱা যুবক-যুৱতীক মৰ্যাদাপূৰ্ণ কৰ্ম সংস্থাপন দিব বাঁহ উদ্যোগে ৷ দৰাচলতে, তিনিমাহ জোৰা লকডাউন ঘোষণাৰ পিছত দেশত এতিয়া মন্দাৱস্থা । প্ৰতিটো খণ্ডত অৰ্থনৈতিক প্ৰভাৱ পৰাৰ লগতে নিবনুৱাসকলক লৈ চিন্তিত হৈ পৰিছে প্ৰতিখন ৰাজ্য । পূৰ্বৰ পৰাই অসমত প্ৰায় 17 লাখতকৈ অধিক নিবনুৱা লোকৰ সমস্যাৰ সমাধান কৰিব নোৱাৰা চৰকাৰখনে লকডাউনৰ পাছত পুনৰ এক অপৰিকল্পনীয় পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব । এই নিবনুৱা সমস্যাৰ লগতে আৰ্থিক মন্দাৱস্থাৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰে ৰাজ্যৰ বাঁহ উদ্যোগক গুৰুত্ব প্ৰদান কৰাৰ উপদেশ দিছে Ivantage craft Pvt ltd ৰ পৰিচালনা সঞ্চালক এছ এম এছ বৰদলৈয়ে ৷