গুৱাহাটী, 4 জানুৱাৰী:বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ দুই-তিনি মাহ বাকী থকা অৱস্থাত ৰাজ্যৰ বিৰোধী ৰাজনৈতিক শিবিৰ এতিয়াও বহুধা শিবিৰত বিভক্ত হৈ থকাৰ বিপৰীতে শাসকীয় বিজেপি দল সম্পূৰ্ণ সুপৰিকল্পিত ভাবে নিৰ্বাচনী ৰণকৌশল ৰচনাত নামি পৰিছে । ইয়াৰে অংশ স্বৰূপে দীঘলীয়া কৰ্মসূচী হাতত লৈ দেওবাৰে অসমত আহি উপস্থিত হৈছে বিজেপিৰ নৱনিযুক্ত ৰাজ্যিক প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা আৰু সহ-প্ৰভাৰী পৱন শৰ্মা । সমগ্ৰ ৰাজ্যজুৰি অভিযান চলোৱাৰ কাৰ্যসূচী হাতত লৈ এই দুই নেতা অসমত উপস্থিত হৈছে ।
ৰাজ্যিক বিজেপিৰ এক শীৰ্ষ সূত্ৰই আজি ই টিভি ভাৰতৰ আগত এই কথা প্ৰকাশ কৰি কয় যে সোমবাৰৰ পৰা এই দুই নেতাই উজনি অসম অভিযান আৰম্ভ কৰিছে । সোমবাৰে দুয়োগৰাকী নেতাই সোণাৰি, শিৱসাগৰ আৰু চৰাইদেউত দলীয় সভাত ভাগ ল'ব আৰু মঙলবাৰে ভাগ লব ডিব্ৰুগড়, তিনিচুকীয়া আৰু শদিয়াত অনুষ্ঠিত হ'বলগীয়া দলীয় সভাত ।