অসম

assam

ETV Bharat / state

বৈজয়ন্ত পাণ্ডাৰ প্ৰতিবেদনৰ ওপৰত ভৱিষ্যৎ নিৰ্ভৰ কৰিব বহু অগপ নেতাৰ - বৈজয়ন্ত পাণ্ডাৰ অসম ভ্ৰমণ

অসমৰ প্ৰভাৰী হিচাপে দলৰ কেন্দ্ৰীয় নেতৃত্বই বৈজয়ন্ত পাণ্ডাক নিযুক্তি দিয়াৰ পিছত পোনপ্ৰথমবাৰৰ বাবে অসম ভ্ৰমণলৈ আহিব পাণ্ডা ৷ এই ভ্ৰমণৰ পিছতেই নৱনিযুক্ত প্ৰভাৰী বৈজয়ন্ত‌ পাণ্ডাই অসমৰ প্ৰতিটো সমষ্টিৰে এক সমীক্ষাত্মক প্ৰতিবেদন দলৰ নেতৃত্বক দাখিল কৰিব ।

as_ghy_Baijayant_panda_is_coming_img_7206058
বৈজয়ন্ত পাণ্ডাৰ প্ৰতিবেদনৰ ওপৰত ভৱিষ্যৎ নিৰ্ভৰ কৰিব বহু অগপ নেতাৰ

By

Published : Nov 15, 2020, 5:55 PM IST

গুৱাহাটী, 15 নৱেম্বৰঃ চলিত মাহৰ শেষত অসমলৈ আহিব বিজেপিৰ নৱনিযুক্ত প্ৰভাৰী বৈজয়ন্ত পাণ্ডা । অসমৰ প্ৰভাৰী হিচাপে দলৰ কেন্দ্ৰীয় নেতৃত্বই নিযুক্তি দিয়াৰ পিছত এইয়া হ’ব তেওঁৰ প্ৰথমটো অসম ভ্ৰমণ । ৰাজ্যিক বিজেপিৰ এক শীৰ্ষ সূত্ৰই দেওবাৰে ই টিভি ভাৰতক জনায় আগন্তুক বিধানসভা নিৰ্বাচনত অগপৰ সৈতে মিত্ৰতা অব্যাহত থাকিলেও মিত্ৰদল হিচাপে অগপৰ সৈতে বিজেপিয়ে কিমানখন আসনত বুজাবজি কৰিব এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব দলটোৰ কেন্দ্ৰীয় নেতৃত্বই ৷ কিন্তু কেন্দ্ৰীয় নেতৃত্বই সেই সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে নৱনিযুক্ত প্ৰভাৰী বৈজয়ন্ত‌ পাণ্ডাই অসমৰ প্ৰতিটো সমষ্টিৰে এক সমীক্ষাত্মক প্ৰতিবেদন দলৰ নেতৃত্বক দাখিল কৰিব । সেই প্ৰতিবেদন মূলতঃ প্ৰস্তুত হ’ব কোনকেইটা সমষ্টি মিত্ৰদল অগপক দিয়াটো উচিত বা অনুচিত সেই সন্দৰ্ভত ।

বিগত বিধানসভা নিৰ্বাচনত বিজেপিয়ে অগপক ২৪ খন আসন এৰি দিছিল যদিও ইয়াৰে ১৪ খনতহে অগপ জয়ী হবলৈ সক্ষম হৈছিল । তেনেক্ষেত্ৰত এইবাৰ অগপই বিচৰা মতেই যে বিজেপিয়ে আসন এৰি দিব সেই সম্ভাৱনা খুবেই কম । গতিকে বৈজয়ন্ত পাণ্ডাই দাখিল কৰিবলগীয়া প্ৰতিবেদনৰ ওপৰত কেৱল যে বিজেপিৰহে প্ৰাৰ্থীত্ব প্ৰয়াসীৰ ভৱিষ্যৎ নিৰ্ভৰ কৰিছে তেনে নহয়; সেই প্ৰতিবেদনৰ ওপৰত ৰাজনৈতিক ভৱিষ্যৎ নিৰ্ভৰ কৰিছে বহুকেইজন জ্যেষ্ঠ অগপ নেতাৰ লগতে বৰ্তমানৰ বিধায়কৰো ।

উল্লেখ্য যে, ২০১৬ ৰ নিৰ্বাচনৰ সময়ত অগপৰ যি স্থিতি বা গ্ৰহণযোগ্যতা আছিল সেয়া ২০২১ ৰ নিৰ্বাচনত নাথাকিব বুলি ইতিমধ্যে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব পতিয়ন গৈছে বুলি একেটা দলীয় সুত্ৰই প্ৰকাশ কৰিছে । গতিকে স্বাভাৱিকতে এতিয়া অগপৰ ভৱিষ্যৎ নিৰ্ণয় কৰিব পাণ্ডাৰ প্ৰতিবেদনেহে ।

লগতে পঢ়ক-নিৰ্বাপন হ'ল নেকি বাঘজানৰ অভিশপ্ত জুই?

ABOUT THE AUTHOR

...view details