অসম

assam

By

Published : Sep 4, 2019, 6:03 PM IST

ETV Bharat / state

বাঁহৰ সামগ্ৰীৰে প্লাষ্টিকক প্ৰত্যাহ্বান জনোৱা এখন গাঁও

গাঁৱখনৰ প্ৰতিটো পৰিয়ালে প্লাষ্টিকক প্ৰত্যাহ্বান জনাই নিৰ্মাণ কৰি আহিছে বাঁহৰ খাছা । যি খাছাৰ জৰিয়তে মূৰ্গী পোৱালীৰ যোগান ধৰা উদ্যোগ সমূহে দৈনিক সৰবৰাহ কৰে মূৰ্গীৰ পোৱালী । বহু বছৰৰ পৰা এই গাঁৱখনত নিৰ্মাণ কৰা খাছা ক্ৰয় কৰি বিভিন্ন মূৰ্গী পোৱালীৰ উদ্যোগ সমূহে সৰবৰাহ কৰি আহিছে ব্ৰইলাৰ মূৰ্গীৰ পোৱালী ।

বাঁহৰ সামগ্ৰী ব্যৱহাৰ কৰি প্লাষ্টিকক প্ৰত্যাহ্বানৰ প্ৰয়াস এখন গাঁৱৰ

বাইহাটা, 4 চেপ্তম্বৰঃ প্লাষ্টিকৰ মাত্ৰাধিক ব্যৱহাৰে সমগ্ৰ বিশ্বতে পৰিবেশৰ প্ৰতি ভাবুকি অনাৰ সময়তে বাইহাটা চাৰিআলিৰ নিকটৱৰ্তী বাৰেডলা গাৱত দেখা গ'ল কিছু ব্যতিক্ৰমী চিন্তা ৷ উক্ত অঞ্চলটোত অনুষ্ঠিত হ'ল এক 15 দিনীয়া কৰ্মশালা,য'ত প্ৰশিক্ষণ দিয়া হ'ল বাঁহেৰে নিত্য-প্ৰয়োজনীয় সামগ্ৰী নিৰ্মাণ সম্পৰ্কে ৷

বাঁহৰ সামগ্ৰী ব্যৱহাৰ কৰি প্লাষ্টিকক প্ৰত্যাহ্বানৰ প্ৰয়াস এখন গাঁৱৰ
এই প্ৰশিক্ষণ প্ৰদান কৰে CANE & BAMBOOS TECHNOLOGY নামৰ এটা সংস্থাই । প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে কেন এণ্ড বেম্বো টেকন'লজিৰ কনচালটেণ্ট তিলক চন্দ্ৰ ভূঞা আৰু প্ৰবন্ধক প্ৰিয়ম কুমাৰ সিং । প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থী সকলে প্ৰদৰ্শন কৰে নিজ হাতে নিৰ্মাণ কৰা বিভিন্ন সামগ্ৰী ।

গাঁও খনৰ প্ৰতিটো পৰিয়ালে প্লাষ্টিকক প্ৰত্যাহ্বান জনাই নিৰ্মাণ কৰি আহিছে বাঁহৰ খাছা । যি খাছাৰ জৰিয়তে মূৰ্গী পোৱালীৰ যোগান ধৰা উদ্যোগ সমূহে দৈনিক সৰবৰাহ কৰে মূৰ্গীৰ পোৱালী । বহু বছৰৰ পৰা এই গাঁও খনত নিৰ্মাণ কৰা খাছা ক্ৰয় কৰি বিভিন্ন মূৰ্গী পোৱালীৰ উদ্যোগ সমূহে সৰবৰাহ কৰি আহিছে ব্ৰইলাৰ মূৰ্গীৰ পোৱালী । যাৰ ফলশ্ৰুতিত গাঁওখন পৰিণত হৈছে বাঁহ শিল্পৰ এক উদ্যোগলৈ । যদিহে ২ অক্টোবৰৰ পৰা প্লাষ্টিক জাতীয় সামগ্ৰী বন্ধ হয় তেনেহলে এই বাঁহৰ খাছাৰ চাহিদা আৰু বৃদ্ধি হ'ব বুলি আশাবাদী বাৰেডলা গাঁৱৰ ৰাইজ ।

ABOUT THE AUTHOR

...view details