গুৱাহাটী, 27 ফেব্ৰুৱাৰী: সোমবাৰৰ দিনটোত দিশপুৰ আৰু ৰাজ্যৰ ৰাজনৈতিক মহল গৰম কৰি ৰাখিছে কংগ্ৰেছৰ এগৰাকী বিধায়কে ৷ সংখ্যালঘু অঞ্চলত কংগ্ৰেছৰ মূল প্ৰতিদ্বন্দী AIUDFক লৈ বিস্ফোৰণ ঘটাইছে কংগ্ৰেছৰ সংখ্যালঘু বিধায়কজনে (Abdur Rashid Mandal on AIUDF) ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমত ঘটিব বৃহৎ ৰাজনৈতিক পৰিৱৰ্তন ৷ ‘‘আজমলসহ সমগ্ৰ AIUDFৰ নেতাই যোগ দিব কংগ্ৰেছত ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বেই অস্তিত্বহীন হ’ব AIUDF, সংখ্যালঘুক সুৰক্ষা দিয়াৰ স্বাৰ্থতেই কংগ্ৰেছত চামিল হ'ব AIUDF ৷’’ এই দাবীৰে বিস্ফোৰণ ঘটাইছে কংগ্ৰেছী বিধায়ক আব্দুৰ ৰচিদ মণ্ডলে ৷
শেহতীয়াভাৱে AIUDFৰ দুগৰাকীকৈ গুৰুত্বপূৰ্ণ বিধায়কৰ সৈতে নিজৰ বিধায়ক আবাসত ৰুদ্ধদ্বাৰ বৈঠকত বহি শিৰোনাম দখল কৰিছিল পশ্চিম গোৱালপাৰা সমষ্টিৰ কংগ্ৰেছী বিধায়ক আব্দুৰ ৰচিদ মণ্ডলে ৷ চৰ্চা হৈছিল যে, আব্দুৰ ৰচিদ মণ্ডলকে ধৰি একাংশ কংগ্ৰেছৰ বিধায়কে এআইইউডিএফৰ কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ পোষকতা কৰিছে (Congrss AIUDF alliance) । ৰুদ্ধদ্বাৰ বৈঠকখনৰ দুদিনৰ পাচতে সোমবাৰে কংগ্ৰেছৰ বিধায়ক আব্দুৰ ৰচিদ মণ্ডলে একপ্ৰকাৰ বিস্ফোৰণ ঘটাইছে ৷
বিধায়ক আব্দুৰ ৰচিদ মণ্ডলৰ দাবী, ‘‘বিজেপিক ওফৰাবলৈ হ’লে এআইইউডিএফে অকলে নোৱাৰে ৷ এআইইউডিএফে অকলে ৰাজ্যত কেতিয়াও চৰকাৰ গঠন কৰিব নোৱাৰিব ৷ তেন্তে আজমলে কেনেকৈ পৰিবৰ্তন আনিব ? এআইইউডিএফ অসমত নাথাকেগৈ ৷ AIUDF থাকিলে বিজেপিয়ে লাই পায় ৷ কংগ্ৰেছে AIUDFক নিগিলে, এয়া সময়ৰ আহ্বান ৷ পৰিস্থিতিৰ আহ্বান ৷ বিজেপিৰ অত্যাচাৰৰ পৰা মুক্ত হ’বলৈ হ’লে AIUDF ৰ সকলো আহি কংগ্ৰেছত যোগদান কৰিব লাগিব ৷ লোকসভা নিৰ্বাচনৰ আগতেই সেয়া হ’ব (Badruddin Ajmal to join congress) ৷”