গুৱাহাটী,১৩ নৱেম্বৰ: সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উজলি উঠিল আজমল আই এ এছ একাডেমী (Ajmal IAS academy) । আজমল আই এ এছ একাডেমীৰ পৰা ১৬ গৰাকী শিক্ষার্থীয়ে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা অর্জন কৰে । অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা অর্জন কৰা একাডেমীৰ প্ৰতিগৰাকী শিক্ষাৰ্থীক আজি গুৱাহাটীত আয়োজন কৰা এক অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয় (Felicitation Programme in Guwahati)। সম্বৰ্ধনা জ্ঞাপন কৰে আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে (MP Badruddin Ajmal)।
উল্লেখ্য যে, অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা লাভ কৰা আজমল আই এ এছ একাডেমীৰ শিক্ষাৰ্থীসকলক আজমল ফাউণ্ডেচনে সম্পূর্ণ বিনামূলীয়া কোচিং আগবঢ়াইছিল (Ajmal Foundation) । আনহাতে অনুষ্ঠানত আমেৰিকাৰ পৰা এল এল এম ২০২১-২২ বৰ্ষত সফলতা অর্জন কৰা অধিবক্তা আমান ওয়াদুদ আৰু UK LIM (Human Rights) ২০২২ত সফলতা লাভ কৰা অধিবক্তা এ এছ তাপাদাৰক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় (APSC passed students felicitated)।
অনুষ্ঠানত ভাষণ প্ৰসংগত সাংসদ বদৰুদ্দিন আজমলে কৃতী শিক্ষাৰ্থীসকলক উদ্দেশ্যি কয় যে, মানুহ এই পৃথিৱীত আহে আৰু যায় আৰু যোৱাৰ পাছত এৰি যায় স্মৃতি । তেওঁ প্ৰত্যেককে সততা আৰু নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান জনায় । কেতিয়াও কাৰো অন্যায় নকৰাৰ বাবেও তেওঁ শিক্ষাৰ্থীসকলৰ প্ৰতি অনুৰোধ জনায় ।