অসম

assam

ETV Bharat / state

ইচলাম ধৰ্মাৱলম্বীসকলে ঘৰতে পালন কৰক "শ্ব'বে বৰাত": বদৰুদ্দিন আজমল - Badaruddina Ajmal requested everyone to stay at home in shab e barat

" জুম্মাৰ নামাজ যি দৰে সমূহীয়াকৈ পঢ়াৰ পৰিৱৰ্তে ঘৰতে পঢ়ি সকলোৱে চৰকাৰৰ নিৰ্দেশনা মানিছে থিক তেনেদৰে শ্ব'বে বৰাতটো পূৰ্বৰ দৰে কবৰস্থানলৈ নগৈ মৃত আত্মীয়ৰ বাবে ঘৰতে নামাজ পঢ়িবলৈ আহ্বান জনায় AIUDF প্ৰধান বদৰুদ্দিন আজমলে ৷

মৌ বদৰুদ্দিন আজমল
মৌ বদৰুদ্দিন আজমল

By

Published : Apr 7, 2020, 7:44 PM IST

গুৱাহাটী, ৭ এপ্ৰিলঃ সাম্প্ৰতিক সময়ৰ প্ৰতি লক্ষ্য ৰাখি ইছলাম ধৰ্মাৱলম্বীসকলক আগন্তুক শ্ব' বে বৰাতত ঘৰতে ইবাদত, দোৱা কৰিবলৈ আহ্বান জনাইছে এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে ৷ " জুম্মাৰ নামাজ যি দৰে সমূহীয়াকৈ পঢ়াৰ পৰিৱৰ্তে ঘৰতে পঢ়ি সকলোৱে চৰকাৰৰ নিৰ্দেশনা মানিছে থিক তেনেদৰে শ্ব' বে বৰাতটো পূৰ্বৰ দৰে কবৰস্থানলৈ নগৈ মৃত আত্মীয়ৰ বাবে ঘৰতে নামাজ পঢ়িবলৈ আহ্বান জনায় AIUDF প্ৰধান বদৰুদ্দিন আজমলে ৷ লগতে সাংসদগৰাকীয়ে পুনৰ তবলিগী জামাতত অংশগ্ৰহণ কৰা লোকসকলক চৰকাৰৰ নিৰ্দেশনা মানি চিকিৎসালয়লৈ যাবলৈ আহ্বান জনাইছে ৷

বদৰুদ্দিন আজমল

For All Latest Updates

ABOUT THE AUTHOR

...view details