নিউজ ডেস্ক, 16 চেপ্তেম্বৰ: সংসদৰ চলিত বৰ্ষাকালীন অধিৱেশনত মঙলবাৰে নগাঁও কাছাৰ কাগজ কলৰ প্ৰসংগেৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা সৰৱ হৈ উঠাৰ পাছতে বুধবাৰে পুনৰ একে প্ৰসংগেৰে সাংসদ বদৰুদ্দিন আজমলেও সৰৱ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হ'ল ৷ কাগজ কল দুটাৰ পুনৰুজ্জিৱীতকৰণৰ বাবে 530 কোটি টকাৰ আৰ্থিক পেকেজৰ কথা উনুকিয়াই সাংসদ গৰাকীয়ে কয়,"কাগজ কল দুটা বন্ধ হৈ যোৱাটো যথেষ্ঠ দুখৰ বিষয় ৷ 530 কোটি টকা দিলে এই উদ্যোগ দুটা পুনৰ আৰম্ভ কৰিব পৰা যাব ৷"
সংসদত 530 কোটি টকা বিচাৰিলে সাংসদ বদৰুদ্দিন আজমলে - কৰ্মসংস্থাপন
নগাঁও কাছাৰ কাগজ কলক লৈ এইবাৰ সংসদত সৰৱ সাংসদ বদৰুদ্দিন আজমল ৷ কাগজ কল দুটাৰ পুনৰুজ্জিৱীতকৰণৰ বাবে 530 কোটি টকা দিবৰ বাবে আহ্বান সাংসদ গৰাকীৰ ৷

কাগজ কল দুটা বন্ধ হৈ যোৱাৰ ফলত তাত কৰ্মৰত লোকসকলে সন্মুখীন হোৱা দুৰৱস্থাৰ কথা উল্লেখ কৰি আজমলে কয়,"লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী গৰাকীৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী জনেও প্ৰতিশ্ৰুতি দিছিল যে কাগজ কল দুটাৰ পুনৰুজ্জিৱীতকৰণৰ বাবে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব ৷ কিন্তু আজিৰ তাৰিখলৈ সেয়া প্ৰতিশ্ৰুতি হৈয়ে ৰৈ গ'ল ৷ কৰ্মসংস্থাপন হেৰুৱাই ইতিমধ্যে বহুজনে আত্মহত্যাৰ দৰে পথ বাছি লৈছে ৷ এজন লোকে আত্মহত্যা কৰি কেন্দ্ৰীয় চৰকাৰক তেওঁৰ মৃত্যুৰ বাবে জগৰীয়া কৰি থৈ যোৱাৰ দৰে ঘটনা যথেষ্ঠ দুৰ্ভাগ্যজনক ৷
লগতে পঢ়ক :ব্যতিক্ৰমী পদ্ধতিৰে ক’ৰণাৰ বিৰুদ্ধে সজাগতা সৃষ্টি এগৰাকী শিক্ষকৰ