গুৱাহাটী,26 মাৰ্চঃ মহামাৰী কৰ'ণাৰ বিৰুদ্ধে সজাগতা আৰু প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণত সুবিধা হ’বলৈ ৰাজ্য চৰকাৰৰ কোষলৈ ১ কোটি ৫০ লাখ টকাৰ পুঁজি আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে এআইইউডিএফ দলৰ মুৰব্বী তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে ৷ বৃহস্পতিবাৰে সাংসদ আজমলে কৰ'ণাই সম্প্ৰতি বিশ্বত যি ভয়াৱহ ৰূপ ধাৰণ কৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে যাৱতীয় চিকিৎসা সেৱা আৰু প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰে ৷ এই মহামাৰীত পৰি অসমৰ ৰাইজ যাতে বিপৰ্যয়ৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সাংসদ পুঁজিৰ পৰা এই বৃহৎ পৰিমাণৰ ধনৰাশি ৰাজ্য চৰকাৰৰ কোষলৈ আগবঢ়াব সাংসদ গৰাকীয়ে ৷ লগতে আজমলে দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্য চৰকাৰে নিৰ্দেশ জাৰি কৰা নিয়মাৱলীসমূহ ৰাইজক মানি চলিবলৈ আহ্বান জনায় ৷
নগাওঁঃ অসম চৰকাৰৰ সাহায্য পুঁজিলৈ মহাবিদ্যালয় অধ্যক্ষ পৰিষদে আগবঢ়ায় এদিনৰ দৰমহা । বৃহস্পতিবাৰে মহাবিদ্যালয় অধ্যক্ষ পৰিষদৰ সভাপতি ডঃ শৰৎ বৰকটকীয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰে এই কথা । বৰকটকীৰ আহ্বানক সঁহাৰি মহাবিদ্যালয় অধ্যক্ষ পৰিষদৰ । লক ডাউনৰ সময়ত সকলোকে ঘৰৰ ভিতৰত থাকি নিজৰ লগতে সমাজক সুৰক্ষা প্ৰদানৰ দাবী জনায় নগাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা অসম কলেজ অধ্যক্ষ পৰিষদৰ সভাপতি ডঃ শৰৎ বৰকটকীয়ে ।