গুৱাহাটী,৫ আগষ্ট: যক্ষ্মাৰ দৰে সংক্ৰামক ৰোগৰ পৰা এতিয়াও অসম মুক্ত হোৱা নাই । কিন্তু এই ৰোগৰ প্ৰাদুৰ্ভাৱ থকাৰ পাচতো ইয়াৰ নিৰ্মূলৰ বাবে ৰূপায়ন কৰা আঁচনিক লৈ চৰকাৰৰ কোনো গুৰুত্ব নাই । অতি পৰিতাপৰ বিষয় যে, যক্ষ্মা ৰোগৰ দৰে ব্যাধি নিৰ্মূলকৰণৰ হকে সুদীর্ঘ ২৫ বছৰ নিষ্ঠাসহকাৰে কৰ্তব্য পালন কৰি অহা পাঁচ শতাধিক ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰি আজি পর্যন্ত নিয়মীয়া হোৱা নাই । যাৰ ফলত এইসকল কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালে অনিশ্চয়তাৰ জীৱন যাপন কৰিবলগীয়া হৈছে ।
উল্লেখ্য যে ১৯৯৮ চনত অসমত আৰম্ভ হোৱা সংশোধিত ৰাষ্ট্ৰীয় যক্ষ্মা নিয়ন্ত্রণ আঁচনিখন বৰ্তমান ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূলকৰণ আঁচনি লৈ ৰূপান্তৰ কৰিছে ৷ যাতে ২০২৫ চনৰ ভিতৰত যক্ষ্মামুক্ত ভাৰত গঢ়াৰ সংকল্পৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ প্ৰত্যক্ষ পৰ্যবেক্ষণত ৰাজ্যত যক্ষ্মা নির্মূলকৰণ আঁচনিৰ পাঁচ শতাধিক কৰ্মচাৰীয়ে কাম কৰি আহিছে । কিন্তু বিগত ২০-২৫ বছৰ ধৰি কাম কৰি থকা অসমৰ এই কৰ্মচাৰীসকলে আন ৰাজ্যৰ তুলনাতঅতি কম দৰমহা লাভ কৰি আহিছে । আনহাতে কৰ্তব্যৰত অৱস্থাত কৰ্মচাৰী এজনৰ মৃত্যু হ’লে মৃতকৰ পৰিয়ালক মাত্র পাঁচ লাখ টকা দি চৰকাৰে দায়িত্ব সামৰে ।
ইয়াৰ বাহিৰে আন কোনো ধৰণৰ চৰকাৰী সা-সুবিধা লাভ কৰা নাই এই কৰ্মচাৰীসকলে । জানিবপৰা মতে ঠিকাভিত্তিক হিচাপে নিয়োজিত কৰ্মচাৰীসকলক পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত সেই সময়ৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাকৰি নিয়মীয়া কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । আনহাতে এই সন্দৰ্ভত এটা ফাইল সাজু কৰা হৈছিল । এই ফাইলটোৰ কাম বহুখিনি আগবাঢ়িছিল যদিও পৰৱৰ্তী সময়ত সমগ্ৰ প্ৰক্ৰিয়াটো স্থবিৰ হৈ পৰে।