গুৱাহাটী, ৭ মাৰ্চ : ৰাজ্যত স্বাস্থ্য বিভাগৰ উন্নয়নৰ শ্ল'গান দি থকাৰ সময়তে পোহৰলৈ আহিছে এক বিপৰীত দৃশ্য । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় পেক্ষাগৃহৰ চৌহদত মেৰামতিৰ অভাৱত পৰি আছে মৃত্যুঞ্জয়108 সেৱাৰ বহুসংখ্যকগাড়ী।
মৃত্যুমুখী মৃত্যুঞ্জয় সেৱা - চিকিৎসালয়
যিসময়ত এখন এম্বুলেঞ্চৰ অভাৱত গ্ৰামাঞ্চলত ৰোগীক ঠেলাত হাস্পতাললৈ নিবলগীয়া হৈছে তেনে সময়তে মহানগৰীত মেৰামতিৰ অভাৱত পেলাই থোৱা হৈছে 108 সেৱাৰ এম্বুলেঞ্চ।
মেৰামতিৰ অভাৱৰ বাবে চিকিৎসালয়ত পৰি ৰৈছে এম্বলেঞ্চ
সামান্য মেৰামতিৰ বাবেই চৌহদটোত পেলাই থৈছে 108 সেৱাৰ গাড়ীকেইখন । যিসময়ত এখন এম্বুলেঞ্চৰ অভাৱত গ্ৰামাঞ্চলত ৰোগীক ঠেলাত হাস্পতাললৈ নিবলগীয়াহৈছে তেনে সময়তে মহানগৰীত এনেদৰে মেৰামতিৰ অভাৱত পেলাই থোৱা হৈছেএম্বুলেঞ্চসমূহ।