গুৱাহাটী,20 এপ্ৰিলঃ 23 এপ্ৰিলত অনুষ্ঠিত হ'ব লগা নিৰ্বাচনৰ বাবে এতিয়া সকলো ৰাজনৈতিক দলে ঠায়ে ঠায়ে চলাইছে নিৰ্বাচনী প্ৰচাৰ ৷ শুকুৰবাৰে গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ববিতা শৰ্মাই পাথৰকুঁৱেৰীৰ পৰা চন্দ্ৰপুৰলৈ এক বৃহৎ সমদল উলিযায়। এই সমদলত উপস্থিত থাকে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন মন্ত্ৰী অকণ বৰা, যুৱনেতা মানস বৰাকে ধৰি অসম প্ৰদেশ কংগ্ৰেছৰ ভালেমান নেতা কৰ্মী ৷
অসমত আপোন মানুহ বিচাৰি ববিতা শৰ্মাৰ পথ সভা - ETV BHARAT
ৰাজ্যত তুংগত উঠিছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ ৷ গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ববিতা শৰ্মাই শুকুৰবাৰে পাথৰকুঁৱেৰীৰ পৰা চন্দ্ৰপুৰলৈ উলিয়াই এক বৃহৎ সমদল ৷

অসমত আপোন মানুহ বিচাৰি ববিতা শৰ্মাৰ ৰোড শ্ব'
অসমত আপোন মানুহ বিচাৰি ববিতা শৰ্মাৰ পথ সভা
ববিতা শৰ্মাৰ শুকুৰবাৰৰ এই পথ সভা পাথৰকুঁৱেৰীৰ পৰা নাৰেংগী হৈ বোন্দা, বীৰকুছি, পানীখাইতি, চন্দ্ৰপুৰ আদি অঞ্চললৈ গৈ ৰাইজৰ মাজত নিৰ্বাচনী প্ৰচাৰ চলায় । প্ৰচাৰৰ মাজতে বিজেপিৰ গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী কুইন ওজাক কটাক্ষ কৰি ববিতা শৰ্মাই কয় যে, বিদেশত অসমীয়া মানুহ বিচাৰি যোৱাটো ভালেই কথা সেইটো তেওঁ ভালেই পাব লাগিছিল। কেৱল বিদেশতেই নহয় মই অসমতো আপোন মানুহ বিচাৰি ফুৰিছো বুলি উল্লেখ কৰাৰ লগতে তেওঁ দাবী কৰি কয় যে মোৰ বিজয় এশ শতাংশই নিশ্চিত ৷