অসম

assam

G20 Summit in Assam: গুৱাহাটীৰ বি বৰুৱা কলেজত মডেল ৱাই-২০ সন্মিলন

By

Published : Jan 28, 2023, 10:18 PM IST

ৱাই-২০ বৈঠকৰ প্ৰাকমুহুৰ্তত অংশগ্ৰহণমূলক আৰু সৰ্বাংগীন আলোচনা প্ৰক্ৰিয়াৰ পৰিবেশ সৃষ্টিৰ অংশ হিচাপে বি বৰুৱা মহাবিদ্যালয়ত মডেল ৱাই-২০ সন্মিলন(B Borooah College organises Model Y20 summit) । জি-২০ৰ সদস্যসকলক প্ৰতিনিধিত্ব কৰি মডেল সন্মিলনত ১০ খন মহাবিদ্যালয়ৰ অংশগ্ৰহণ । জি-২০ৰ সজাগতাৰ বাবে অসমৰ ৩৪ খন জিলাৰ ৫০ খনৰো অধিক বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত আলোচনা চক্ৰ, কৰ্মশালা, বিতৰ্ক আৰু পেনেল আলোচনা(G20 Summit in Assam) ।

G20 Summit in Assam
গুৱাহাটীৰ বি বৰুৱা কলেজত মডেল ৱাই-২০ সন্মিলন

গুৱাহাটী, ২৮ জানুৱাৰী:গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া ৱাই-২০ বৈঠকৰ প্ৰাকমুহুৰ্তত আজি অংশগ্ৰহণমূলক আৰু সৰ্বাংগীন আলোচনা প্ৰক্ৰিয়াৰ পৰিবেশ সৃষ্টিৰ প্ৰয়াসৰ অংশ হিচাপে বি বৰুৱা মহাবিদ্যালয়ত এখনি মডেল ৱাই-২০ সন্মিলনৰ আয়োজন কৰা হয়(Y20 Summit in Assam) । এই মডেল ৱাই-২০ অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলে জি-২০ ৰাষ্ট্ৰসমূহক প্ৰতিনিধিত্ব কৰি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰে । এই মডেল ৱাই-২০ সন্মিলনত এই বৰ্ষৰ ৱাই-২০ সন্মিলনৰ এটা বিষয়বস্তু জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগৰ বিপদাশংকা হ্ৰাস বহনক্ষমতাক জীৱনৰ পন্থা হিচাপে অৱলম্বনত গুৰুত্ব আৰোপ কৰি আলোচনা কৰা হয়(Model Y20 summit organised in B Borooah College) ।

গুৱাহাটীৰ বি বৰুৱা কলেজত মডেল ৱাই-২০ সন্মিলন

জি-২০ৰ সদস্য দেশসমূহক প্ৰতিনিধিত্ব কৰিবলৈ দহখন মহাবিদ্যালয়ৰ দুগৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে এই মডেল সন্মিলনত অংশগ্ৰহণ কৰে । এই মডেল ৱাই-২০ সন্মিলনক সঞ্চালনৰ বাবে এটা মডেল ৱাই-২০ সচিবালয়ো গঠন কৰা হয় । এই মডেল সন্মিলনত প্ৰাগজ্যোতিষ মহাবিদ্যালয়, বেলতলা মহাবিদ্যালয়, বি বৰুৱা মহাবিদ্যালয়, পাণ্ডু মহাবিদ্যালয়, এছ বি দেওৰা মহাবিদ্যালয়, গুৱাহাটী কলেজ, আৰ্য বিদ্যাপীঠ কলেজ, সন্দিকৈ ছোৱালী মহাবিদ্যালয়, এল চি বি মহাবিদ্যালয় আৰু দিছপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে ।

এগৰাকী প্ৰতিনিধি হিচাপে ৰাছিয়াক প্ৰতিনিধিত্ব কৰি গুৱাহাটী কলেজৰ সুস্মিতা শৰ্মাই কয় যে, এই মডেল সন্মিলনত যোগদানৰ অভিজ্ঞতাই তেওঁক জি-২০ ৰাষ্ট্ৰসমূহৰ বিষয়ে অধিক ধাৰণা দিছে আৰু জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত সেই দেশসমূহৰ মতামত জনাত সহায় কৰিছে । জাৰ্মানীৰ প্ৰতিনিধি হিচাবে যোগদান কৰা বেলতলা মহাবিদ্যালয়ৰ অনিতা দেৱীয়ে কয় যে তেওঁৰ বাবে এয়া এক অনন্য সুযোগ, কিয়নো ইয়াৰ জৰিয়তে তেওঁ বিশ্বৰ ঘটনা প্ৰৱাহ সম্পৰ্কে অধিক জ্ঞান লাভ কৰিছে । এই মডেল সন্মিলনত দৰ্শক হিচাপে উপস্থিত থাকি বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ইয়াৰ অংশ হোৱাৰ সুযোগ লাভৰ বাবে আনন্দ প্ৰকাশ কৰে ।

গুৱাহাটীৰ বি বৰুৱা কলেজত মডেল ৱাই-২০ সন্মিলন

গুৱাহাটীৰ এল চি বি কলেজৰ অংশ কুমাৰ শৰ্মাই জলবায়ু পৰিৱৰ্তনৰে সম্পৰ্কীয় বিষয় আৰু চুক্তিসমূহৰ সন্দৰ্ভত ভিন্ন দেশৰ স্থিতি সম্পৰ্কে জানিবলৈ এই অনুষ্ঠানে তেওঁক সহায় কৰিছে বুলি কয় । আগন্তুক জি-২০ আৰু ৱাই-২০ কাৰ্যসূচী সন্দৰ্ভত অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰাজি সম্পৰ্কে ব্যক্ত কৰি অসম চৰকাৰৰ প্ৰধান সচিব ড৹ বি কল্যাণ চক্ৰৱৰ্তীয়ে কয় যে অসমৰ যুৱপ্ৰজন্মৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিকভাৱে আমাৰ সমাজক উপকৃত কৰিব পৰাৰ অপৰিসীম সম্ভাৱনা থকাৰ কথা চিন্তা কৰি অসম চৰকাৰে তেওঁলোকক ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত মডেল ৱাই-২০, আলোচনা চক্ৰ আদিৰ দৰে মঞ্চৰ জৰিয়তে জড়িত কৰিছে । য’ত ৱাই-২০ ৰ বিষয়ভিত্তিক ক্ষেত্ৰসমূহৰ সন্দৰ্ভত এক অৰ্থপূৰ্ণ আলোচনা কৰিব পৰা যাব ।

তেওঁ কয় যে ৭ আৰু ৮ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া ৱাই-২০ আৰম্ভণি বৈঠকৰ বাবে ৰাজ্য চৰকাৰ সাজু হৈছে । উল্লেখ্য যে জি-২০ সন্মিলনৰ অংশ হিচাপে ৬-৮ ফেব্ৰুৱাৰীত গুৱাহাটীত ৱাই-২০ গ্ৰুপৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হ'ব । আগষ্টত অনুষ্ঠিত হ'বলগীয়া অন্তিম ৱাই-২০ সন্মিলনলৈকে সমগ্ৰ ভাৰতত পাঁচ ৱাই-২০ বিষয়ৰ ওপৰত অনুষ্ঠিত হ'বলগীয়া বিভিন্ন বৈঠকৰ এয়া প্ৰথমখন । অসমত অনুষ্ঠিত হ'বলগীয়া তিনিদিনীয়া এই অনুষ্ঠানত সমগ্ৰ বিশ্বৰ প্ৰায় ২৫০ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব । ইয়াৰ সজাগতাৰ অংশ হিচাপে অসমৰ ৩৪ খন জিলাৰ ৫০ খনৰো অধিক বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ে তেওঁলোকৰ চৌহদত আলোচনা চক্ৰ, কৰ্মশালা, বিতৰ্ক আৰু পেনেল আলোচনা অনুষ্ঠিত কৰিছে ।

লগতে পঢ়ক:Awareness on G20 summit: লখিমপুৰত জি-২০ শীৰ্ষ সন্মিলনৰ সজাগতা কাৰ্যসূচী

ABOUT THE AUTHOR

...view details