অসম

assam

ETV Bharat / state

কোভিড-19 যোদ্ধাৰ বাবে ৰোগ প্ৰতিৰোধী "আয়ুস কোৱাথ" - Ayush kwaath

কোভিড-19 ৰ বিৰুদ্ধে দিনে ৰাতিয়ে যুঁজ দি অহা প্ৰথম শাৰীৰ যোদ্ধা চিকিৎসক সকলৰ দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধিৰ বাবে মহাবিদ্যালয়খনৰ শিক্ষক সকলে প্ৰস্তুত কৰি উলিয়াইছে "আয়ুস কোৱাথ" নামৰ এবিধ বিশেষ সামগ্ৰী ৷

Ayush kwaath by Governmenr ayurbedic college of Guwahati
কোভিড-19 যোদ্ধাৰ বাবে ৰোগ প্ৰতিৰোধী "আয়ুস কোৱাথ"

By

Published : May 29, 2020, 8:10 PM IST

গুৱাহাটী, 29 মে': কোভিড-19 ৰ যোদ্ধা সকলৰ সুৰক্ষাৰ বাবে গুৱাহাটীৰ জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ শিক্ষক সন্থাৰ বিশেষ উদ্ভাৱন ৷ কোভিড-19 ৰ বিৰুদ্ধে দিনে ৰাতিয়ে যুঁজ দি অহা প্ৰথম শাৰীৰ যোদ্ধা চিকিৎসক সকলৰ দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধিৰ বাবে মহাবিদ্যালয়খনৰ শিক্ষক সকলে প্ৰস্তুত কৰি উলিয়াইছে "আয়ুস কোৱাথ" নামৰ এবিধ বিশেষ সামগ্ৰী ৷ যাৰ জৰিয়তে চিকিৎসক সকলৰ দেহত বৃদ্ধি পাব কোভিড-19 ৰ বিৰুদ্ধে যুঁজ কৰাৰ ক্ষমতা ৷ ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰণালয়ৰ অধীনত মহাবিদ্যালয়খনৰ শিক্ষক সন্থাৰ উদ্যোগত প্ৰস্তুত কৰা হৈছে এই 'আয়ুস কোৱাথ' নামৰ বিধ বিশেষ সামগ্ৰীবিধ ৷ উল্লেখ্য যে, তুলসী, আদা, জালুক আৰু দালচেনিৰ শুকান গুড়িৰ সংমিশ্ৰণৰে প্ৰস্তুত কৰা হৈছে এই "আয়ুস কোৱাথ" । নিয়ম অনুসৰি দুকাপ পানীত ইয়াৰ এচামুচ গুৰি মিহলাই গৰম কৰি খালে শৰীৰত বৃদ্ধি পাব ৰোগ প্ৰতিৰোধী ক্ষমতা ৷

কোভিড-19 যোদ্ধাৰ বাবে ৰোগ প্ৰতিৰোধী "আয়ুস কোৱাথ"

মহাবিদ্যালয় খনৰ শিক্ষক সকলে জনোৱা মতে এইধৰণে দিনত দুবাৰ "আয়ুস কোৱাথ" খালে শৰীৰত যথেষ্ট পৰিমাণে বৃদ্ধি পাব ৰোগ প্ৰতিৰোধ ক্ষমতা ৷ এই "আয়ুস কোৱাথ"ৰ আন এক বিশেষত্ব এইয়ে যে ইয়াৰ কোনো ছাইড ইফেক্ট নাই ৷ সকলো ধৰণৰ লোকে ব্যৱহাৰ কৰিব পাৰিব এই 'আয়ুস কোৱাথ' ৷ পৰীক্ষণৰ সময়ছোৱাতো 'আয়ুস কোৱাথে দিছে বিশেষ সু-ফল ৷ উল্লেখ্য যে, এতিয়ালৈকে আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়া হোৱা নাই যদিও পুৰ্ণ গতিত চলি আছে এই "আয়ুস কোৱাথ" ৰ পেকেটিঙৰ কাম ৷ প্ৰথম অৱস্থাত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় হাস্পতালখনৰ ডাক্তৰ আৰু শিক্ষকসকলে ব্যৱহাৰ কৰিব এই "আয়ুস কোৱাথ"। ইয়াৰ পিছত ৰাজ্য চৰকাৰৰ অনুমতি সাপেক্ষেহে ৰাজ্যৰ আন সকল চিকিৎসকৰ লগতে কৰ'ণা ৰোগীক দিয়াৰ ব্যৱস্থা কৰিব এই বিশেষ সামগ্ৰী বিধ ৷

লগতে পঢ়কঃ গোৱালপাৰাত বানে সৰ্বস্বান্ত কৰিছে সাধাৰণ কৃষক

ABOUT THE AUTHOR

...view details