অসম

assam

ETV Bharat / state

প্ৰয়াত প্ৰাঞ্জল ভট্টাচাৰ্যৰ জন্মদিনত উন্মোচন হ’ল এখনি গৱেষণামূলক গ্ৰন্থ - আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়

মহানগৰীৰ জালুকবাৰীস্থিত আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ত উন্মোচন কৰা হয় এখন বিশেষ গৱেষণামূলক গ্ৰন্থ ৷ প্ৰয়াত প্ৰাঞ্জল ভট্টাচাৰ্যৰ জন্মদিন উপলক্ষে প্ৰতিবছৰে পৰিয়ালৰ লোকে বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰে, য’ত উন্মোচন কৰা হয় গৱেষণামূলক বিভিন্ন গ্ৰন্থ ।

প্ৰয়াত প্ৰাঞ্জল ভট্টাচাৰ্যৰ জন্মদিনত উন্মোচন হ’ল এখনি গৱেষণামূলক গ্ৰন্থ
প্ৰয়াত প্ৰাঞ্জল ভট্টাচাৰ্যৰ জন্মদিনত উন্মোচন হ’ল এখনি গৱেষণামূলক গ্ৰন্থ

By

Published : Nov 29, 2020, 11:03 AM IST

গুৱাহাটী, 29 নৱেম্বৰ : শনিবাৰে প্ৰয়াত প্ৰাঞ্জল ভট্টাচাৰ্যৰ জন্মদিন উপলক্ষে মহানগৰীৰ জালুকবাৰীস্থিত আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ত উন্মোচন কৰা হয় এখন বিশেষ গৱেষণামূলক গ্ৰন্থ ৷ ডাঃ কৈলাশ ভট্টাচাৰ্যই লিখি উলিওৱা "Studies on some less familiar plant foods from the state of Assam" শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে ডাঃ নন্দিতা চৌধুৰীয়ে। উক্ত অনুষ্ঠানটোত উপস্থিত থাকে আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ বিষ্ণু প্ৰসাদ শৰ্মা, ডাঃ ৰাজলক্ষ্মী দেৱী, ডাঃ লক্ষীকান্ত শৰ্মাকে প্ৰমুখ্য কৰি ভালেমান বিশিষ্ট ব্যক্তি ।

প্ৰয়াত প্ৰাঞ্জল ভট্টাচাৰ্যৰ জন্মদিনত উন্মোচন হ’ল এখনি গৱেষণামূলক গ্ৰন্থ

ইফালে এই অনুষ্ঠানত 'আঠিয়া কল'ৰ গুণাগুণৰ বিষয়ে আলোকপাত কৰে ডাঃ ৰাজলক্ষ্মী দেৱীয়ে । উল্লেখযোগ্য যে ২০১৩ চনত এটা পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল প্ৰাঞ্জল ভট্টাচাৰ্যই ৷ যুৱকজনৰ স্মৃতিতে প্ৰতিবছৰে পৰিয়ালে এনেদৰেই এক বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰে, য’ত উন্মোচন কৰা হয় গৱেষণামূলক বিভিন্ন গ্ৰন্থ ।

লগতে পঢ়ক :প্ৰয়াত তৰুণ গগৈৰ আত্মাৰ শান্তি কামনাৰে লাহৰীঘাটত বন্তি প্ৰজ্বলন

ABOUT THE AUTHOR

...view details