অসম

assam

ETV Bharat / state

আযোধ্যা বিবাদৰ ৰায়দান: উচ্চতম ন্যায়ালয়ৰ ৰায়ক স্বাগতম বিভিন্ন মহলৰ

আজি উচ্চতম ন্যায়ালয়ে বহু বিবদমান ৰাম জন্মভূমি আৰু বাবৰি মছজিদৰ অযোধ্যা বিবাদৰ ওপৰত ৰায়দান প্ৰদান কৰে ৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য় ন্যায়াধীশ ৰঞ্জন গগৈয়ে প্ৰদান কৰে ঐতিহাসিক ৰায়দান ৷ ইয়াৰ পাচতেই এই ঐতিহাসিক ৰায়দানক আদৰণি বিভিন্ন মহলৰ ৷

আযোধ্যা বিবাদৰ ৰায়দান: উচ্চতম ন্যায়ালয়ৰ ৰায়দানক স্বাগতম বিভিন্ন মহলৰ

By

Published : Nov 9, 2019, 3:25 PM IST

গুৱাহাটী, 9 নৱেম্বৰ: ৰাম জন্মভূমি আৰু বাবৰি মছজিদৰ বিবদমান অযোধ্যা ভূমি বিবাদক লৈ আজি উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দানক আদৰণি জনাইছে কংগ্ৰেছ দলে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ হৈ উচ্চতম ন্যায়ালয়ৰ ৰায়দানক আদৰণি জনায়।

ৰিপুন বৰা
  • উচ্চতম ন্যায়ালয়ৰ অযোধ্যা বিবাদৰ ৰায়দানক আদৰণি অসম বিজেপিৰ । হিমাংগ ঠাকুৰীয়াই ধন্যবাদ জ্ঞাপন কৰে উচ্চতম ন্যায়ালয়ৰ ৰায়ক । বিজেপি সংখ্যালঘু মৰ্চায়েও আদৰণি জনাইছে এই ৰায়ক । আজি এক 400 বছৰ পুৰণি বিবাদৰ সমাধান হ’ল । মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক ধন্যবাদ জ্ঞাপন মুখপাত্ৰগৰাকীৰ।
    হিমাংগ ঠাকুৰীয়া (বিজেপি সংখ্যালঘু মৰ্চা)
  • বিশিষ্ট বিজেপি নেতা ৰাজকুমাৰ শৰ্মাই কয় এই ৰায় উভয় পক্ষৰ বাবে গ্ৰহণযোগ্য । এক পুৰণি বিবাদ সমাধান হ’ল। আমি সকলোৱে এই ৰায়ক আদৰণি জনাইছো। সকলোৱে সংযম ৰক্ষা কৰি শান্তি সম্প্ৰীতি বৰ্তাই ৰাখক ।
    উচ্চতম ন্যায়ালয়ৰ ৰায়দানক স্বাগতম বিভিন্ন মহলৰ
    ৰাজকুমাৰ শৰ্মা
  • বিজেপি সংখ্যালঘু মৰ্চাৰ উপ সভাপতি জোনাব মটিউৰ ৰেহমানে আদৰণি জনাই অযোধ্যা বিবাদৰ ৰায়ক । মুছলমানৰ বিবদমান ভূমিত কেতিয়াও নামাজ গ্ৰহণ নহয়। এতিয়া বিবাদ শেষ হৈছে ৷
    জোনাব মটিউৰ ৰেহমান

ABOUT THE AUTHOR

...view details