অসম

assam

অসমীয়া হৈ জীয়াই থাকিবলৈ মন থাকিলে কেবৰ বিৰোধিতা কৰক !

By

Published : Nov 25, 2019, 9:49 PM IST

বিজেপিয়ে চিৰ দিন ক্ষমতা দখলৰ লক্ষ্য বান্ধি লৈছে ৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ মানুহৰ বিৰুদ্ধে যি ষড়যন্ত্ৰ কৰিছে সেয়া ইতিমধ্যে সকলোৱে গম পাইছে । অসম আন্দোলনৰ জৰিয়তে ক্ষমতাৰ দখললৈ অহা মানুহেই উচ্চ আসনত আছে। কিন্তু সেই সকল বৰ্তমান দিল্লীৰ বৰমূৰীয়া সকলৰ ওচৰত আঠু লৈছে ৷

অসমীয়া হৈ জীয়াই থাকিবলৈ মন থাকিলে কেবৰ বিৰোধিতা কৰক !

গুৱাহাটী, 25 নৱেম্বৰঃসোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সংবাদমেল সম্বোধন কৰে "অসম নাগৰিক সমাজে" । সংবাদমেলত অংশ লয় বিশিষ্ট সাহিত্যিক হৰেকৃষ্ণ ডেকা,সাংবাদিক অজিত ভূঞা, সাংবাদিক প্ৰশান্ত ৰাজগুৰুকে ধৰি বহু কেইজন গণ্য-মান্য ব্যক্তি ৷

অসমীয়া হৈ জীয়াই থাকিবলৈ মন থাকিলে কেবৰ বিৰোধিতা কৰক !

সংবাদমেলত উপস্থিত থাকি সাহিত্যিক হৰেকৃষ্ণ ডেকাই কয়, নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হলে সৰ্বনাশ হ'ব ৷ বিধেয়কখনৰ বিৰুদ্ধে আমি সকলো দল,ধৰ্ম নিৰ্বিশেষে মাৰ বান্ধি ঐক্যবদ্ধ হ'ব লাগিব। লগতে মুখ্যমন্ত্ৰীক সমালোচনা কৰি কয়,লাচিতে অসমৰ মাটিত বিদেশী সোমাবলৈ দিয়া নাছিল। দেশতকৈ মোমাই ডাঙৰ নহয় বুলি মোমায়েকৰ শিৰচ্ছেদ কৰিছিল। কিন্তু আমাৰ মুখ্যমন্ত্ৰী নিবোকাৰ দৰে কেব সমৰ্থন কৰিছে। তেওঁ কিয় ক'ব নোৱাৰিলে যে,জাতিতকৈ মোৰ দল ডাঙৰ নহয় বুলি। তেজ থকালৈ কেব বিৰুদ্ধে যুজঁ দি যাম বুলিও মন্তব্য কৰে সাহিত্যিক গৰাকীয়ে ৷

আনহাতে,সাংবাদিক অজিত ভূঞাই কয়,বিজেপিয়ে চিৰদিন ক্ষমতা দখলৰ লক্ষ্য বান্ধি লৈছে ৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ মানুহৰ বিৰুদ্ধে যি ষড়যন্ত্ৰ কৰিছে সেয়া ইতিমধ্যে সকলোৱে গম পাইছে । অসম আন্দোলনৰ জৰিয়তে ক্ষমতাৰ দখললৈ অহা মানুহেই উচ্চ আসনত আছে। কিন্তু সেইসকল বৰ্তমান দিল্লীৰ বৰমূৰীয়া সকলৰ ওচৰত আঠু লৈছে ৷ অসমৰ বাহিৰে বেলেগ ৰাজ্যত এটা জাতিক নিঃশেষ কৰাৰ যি আয়োজন সেয়া কেতিয়াও মানি নলয়। কিন্তু অসমত নৰেন্দ্ৰ মোডী আৰু আৰু অমিত শ্বাহকে জাতিতকৈ ডাঙৰ বুলি সকলো কাম কৰি যায় ৷

সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে কয়,কেব গৃহীত হোৱাৰ পাচতে আমাৰ জাতি দুৰ্ঘোৰ সংকটত পৰিব সেইটো খাটাং। গৃহীত হ'লেই চুবুৰীয়া বাংলাদেশৰ হিন্দুৰ ওপৰত তীব্ৰ অত্যাচাৰ হ'ব। লগতে অসমীয়া হৈ জীয়াই থাকিবলৈ মন থাকিলে সকলোকে কেবৰ বিৰোধিতা কৰিবলৈ আহ্বান জনাই ।

লগতে পঢ়কঃ ৰাজ্যত পুনৰ হাতীৰ তাণ্ডৱ, প্ৰাণ গ'ল দুজনৰ

ABOUT THE AUTHOR

...view details