গুৱাহাটী,৭ ছেপ্টেম্বৰ: গ্ৰাহকৰ ধন আত্মসাৎ কৰা সুন্দৰী বেংক বিষয়াক জেৰা অব্যাহত আৰক্ষীৰ । সুন্দৰী বেংক বিষয়াৰ লগত জড়িত আছিল নেকি আন কোনো ব্যক্তি, সেই সন্দৰ্ভত আৰক্ষীয়ে কৰি আছে তদন্ত । উল্লেখ্য যে গ্ৰাহকৰ ধন আত্মসাৎ কৰি গ্ৰেপ্তাৰ হোৱা গুৱাহাটীৰ এক্সিছ বেংকৰ শাখা উপ-প্ৰৱন্ধক ইফটিছুন হক চৌধুৰীক তিনিদিনৰ আৰক্ষীৰ জিম্মাত ৰাখি জোৰদাৰ জেৰা চলাই থকা হৈছে । গ্ৰাহকৰ ধন হৰলুকি কৰিছিল উপ-প্ৰৱন্ধক ইফটিছুন হক চৌধুৰীয়ে(Axis Bank deputy manager misappropriating money) ।
ATM কাৰ্ড জালিয়াতি কৰি নিজেই ধন উলিয়াইছিল বেংকটোৰ শাখা উপ প্ৰৱন্ধকগৰাকীয়ে । আৰক্ষীয়ে এই ঘটনাত আন লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰি অব্যাহত ৰাখিছে জেৰা । আনহাতে তেওঁৰ পৰা উদ্ধাৰ হোৱা আন ATM কাৰ্ড সন্দৰ্ভতো আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে(Loot money by forging ATM card PIN) । আন গ্ৰাহকৰ ধনো আত্মসাৎ কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ।
উল্লেখ যে গুৱাহাটীৰ হাতীগাঁৱৰ ভেটাপাৰাস্থিত এক্সিছ বেংকৰ শাখা উপ-প্ৰবন্ধক ২৭ বছৰ বয়সীয়া ইফটিছুন হক চৌধুৰীয়ে অতি কৌশলেৰে গ্ৰাহকৰ ধন আত্মসাৎ কৰিছিল । গ্ৰাহকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বেংক বিষয়া ইফটিছুন হক চৌধুৰীক । ধৃত বেংক বিষয়াগৰাকীৰ গণেশগুৰিৰ নয়নপুৰস্থিত ঘৰৰ পৰা আৰক্ষীয়ে দহখন ATM কার্ড, ডেলিভাৰী নিদিয়া সাতখন নতুন ATM কার্ড, HDFC বেংকৰ ছখন চেক বুক, এক্সিছ বেংকৰ সাতখন নতুন ATM কার্ড, দুটা মোবাইল ফোন, ATM বুথৰ পৰা ধন লুট কৰা সময়ত ব্যৱহাৰ কৰা বগা টুপী আৰু নীলা স্প’টিঙৰ উপৰি বহু আপত্তিজনক সামগ্রী জব্দ কৰিছিল ।