অসম

assam

ETV Bharat / state

Cycle Rally: চাইকেল চলাওক সু-স্বাস্থ্যৰ অধিকাৰী হওঁক

সুস্থ শৰীৰৰ বাবে নিয়মিত চাইকেল চালাওক । এই নীতি সাৰোগত কৰি প্ৰতীক্ষা হাস্পতালৰ উদ্যোগত শনিবাৰে বৰবাৰীত স্বাস্থ্য সজাগতা মূলক এক চাইকেল ৰেলী (Awrness Cycle Rally in Guwahati) উলিওৱা হয় । এই ৰেলীত শতাধিক চাইক্লিষ্টে অংশগ্ৰহণ কৰে ৷

By

Published : Dec 4, 2021, 6:38 PM IST

Cycle Rally
চাইকেল চলাওক সু-স্বাস্থ্যৰ অধিকাৰী হওঁক

গুৱাহাটী,৪ ডিচেম্বৰ : চাইকেল চলাওক আৰু নিজক সুস্থ ৰাখক' - এই শ্ল'গানৰে মহানগৰীৰ বৰবাৰীস্থিত প্ৰতীক্ষা হাস্পতালৰ নতুন সংযোজন CORAS (Orthopedic) ৰ উদ্যোগত শনিবাৰে পুৱাই সজাগতা মূলক এক ৰোড চাইক্লিং (Awrness Cycle Rally in Guwahati) অনুষ্ঠিত কৰা হয় । পুৱা প্ৰায় ৬ বজাত বৰবাৰীস্থিত প্ৰতীক্ষা হাস্পতাল চৌহদৰ পৰা নংপুলৈ (Awrness Cycle Rally from Pratiksha Hospital to Nongpu) প্ৰায় ৫০ কিলোমিটাৰ দৈৰ্ঘ সামৰি উলিওৱা হয় এই চাইকেল ৰেলী ৷ এই ৰেলিৰ শুভাৰম্ভ কৰে অসম আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্ত (Partha Sarathi Mahanta)ই ।

চাইকেল চলাওক সু-স্বাস্থ্যৰ অধিকাৰী হওঁক

শনিবাৰে এই স্বাস্থ্য সজাগতা মূলক চাইকেল ৰেলিৰ কাৰ্যসূচীত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা ১০০ ৰো অধিক চাইক্লিষ্টে অংশ গ্ৰহণ কৰে । অনুষ্ঠানত অৰ্থপেদিক বিশেষজ্ঞ ডাঃ আনন্দ জোশী, প্ৰতীক্ষা হাস্পতালৰ স্বত্বাধিকাৰী ডাঃ প্ৰমোদ শৰ্মা, ডাঃ সঞ্জীৱ হেণ্ডিক, ডাঃ দিগন্ত ফুকন, ডাঃ প্ৰাঞ্জল মহন্ত, হিতেশ বৰ্মন আদিকে ধৰি কেইবাজনো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ।

ইন্ধনচালিত বাহনৰ ব্যৱহাৰ কমকৈ কৰি পৰিৱেশ প্ৰদূষণমুক্ত কৰা আৰু চাইকেল চলাই কিদৰে সু-স্বাস্থ্যৰ অধিকাৰী হ’ব পাৰি, সেই বিষয়ে জনসাধাৰণক সজাগ আৰু সচেতন কৰাৰ উদ্দেশ্যে চিকিৎসালয়খনে এই পদক্ষেপ গ্ৰহণ কৰে ৷

লগতে পঢ়ক :দীঘলীপুখুৰীৰ পাৰৰ পৰা মায়ঙলৈ সজাগতামূলক চাইকেল ৰেলী

ABOUT THE AUTHOR

...view details