গুৱাহাটী, ১০ মাৰ্চ : গুৱাহাটীৰ পাণ্ডুত সজাগতা সভা। পলিথিনৰ প্ৰচলন আৰু প্ৰয়োগ ৰোধ কৰাৰ বাবে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ ১৯৭৮ বেটচ্ ৰ উদ্যোগত আয়োজন কৰা হৈছে সজাগতা সভাৰ।
পলিথিন ৰোধৰ বাবে পাণ্ডুত সজাগতা সভা - পাণ্ডু
গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ ১৯৭৮ বেটচ্ ৰ উদ্যোগত আয়োজন কৰা হৈছে সজাগতা সভাৰ।
![পলিথিন ৰোধৰ বাবে পাণ্ডুত সজাগতা সভা](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2654617-104-44790efd-ca57-4db4-82e6-14cf97c248a4.jpg)
etv bharat
awarness
এই অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰাক্তন ছাত্ৰসকলে পাণ্ডু মালিগাঁৱৰ ৰাইজৰ মাজত বিতৰণ কৰে কাগজৰ বেগ। সকলোৱে যাতে পলিথিন পৰিহাৰ কৰি কাগজৰ বেগ ব্যৱহাৰ কৰে তাৰ বাবে এক অভিযান আৰম্ভ কৰিছে গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ এইসকল প্ৰাক্তন ছাত্ৰই। পাণ্ডুৰ উপৰিও মহানগৰীৰ বিভিন্ন স্থানত এই সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিয়ে প্ৰাক্তন ছাত্ৰসকলে।