গুৱাহাটী, 15 মাৰ্চঃবিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা COVID-19য়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ভাৰততো ৷ বৰ্তমানলৈ দেশত এই ৰোগত আক্ৰান্তৰ সংখ্যা 100 জনৰো অধিক বৃদ্ধি পাইছে ৷ ভাৰতত এই ৰোগৰ সংক্ৰমণ বাঢ়ি অহাৰ সময়তে তৎপৰ হৈ পৰিছে অসম চৰকাৰ ৷ যাৰ বাবে বিভিন্ন ধৰণৰ সতৰ্কতামূলক পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে ৰাজ্যখনত ৷ শেহতীয়াকৈ এই ৰোগৰ সংক্ৰমণৰ আশংকাত 29 মাৰ্চলৈ সকলো শিক্ষানুষ্ঠানকে ধৰি কেইবাটাও প্ৰতিষ্ঠান বন্ধ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ৷ এই ৰোগৰ শংকাত অসম ৰাজ্যিক পৰিবহণ নিগম কৰ্তৃপক্ষইয়ো গ্ৰহণ কৰিছে পদক্ষেপ ৷ ASTC ৰ অধীনৰ বাছসমূহৰ পৰিস্কাৰ পৰিচ্ছন্নতাৰ ওপৰত বিশেষভৱে গুৰুত্ব প্ৰদান কৰিছে কৰ্তৃপক্ষই ৷
COVID-19ক লৈ বিশেষ সতৰ্কতা ASTC কৰ্তৃপক্ষৰ - ASTC ৰ অধীনৰ বাছ
COVID-19 ৰ সংক্ৰমণক লৈ শংকিত হৈ পৰিছে সমগ্ৰ দেশ ৷ এই ৰোগৰ শংকাত অসম ৰাজ্যিক পৰিবহণ নিগম কৰ্তৃপক্ষই গ্ৰহণ কৰিছে পদক্ষেপ ৷ ASTC ৰ অধীনৰ বাছসমূহৰ পৰিস্কাৰ পৰিচ্ছন্নতাৰ ওপৰত বিশেষভৱে গুৰুত্ব প্ৰদান কৰিছে কৰ্তৃপক্ষই ৷
![COVID-19ক লৈ বিশেষ সতৰ্কতা ASTC কৰ্তৃপক্ষৰ বিশেষ সতৰ্কতা ASTC কৰ্তৃপক্ষৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6422327-thumbnail-3x2-kk.jpg)
বিশেষ সতৰ্কতা ASTC কৰ্তৃপক্ষৰ