অসম

assam

Awareness rally: ‘সুৰক্ষিত শৈশৱ সোণালী অসম’ৰ অংশ হিচাপে সজাগতামূলক ৰেলী

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 10:32 PM IST

স্নেহালয়াৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা শিশু সুৰক্ষা গোটৰ সহযোগত শিশুৰ সুৰক্ষাৰ সজাগতা মুকল কাৰ্যসূচী । "সুৰক্ষিত শৈশৱ সোণালী অসম"ৰ অংশ হিচাপে মহানগৰীত গ্ৰহণ কৰা হয় এক সজাগতামূলক ৱাকাথন কাৰ্যসূচী ।

Child protection program
সজাগতামূলক ৱাকাথন কাৰ্যসূচী

সজাগতামূলক ৱাকাথন কাৰ্যসূচী

গুৱাহাটী, 23 আগষ্ট :অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ অধীনস্থ ৰাজ্যিক শিশু সুৰক্ষা সমিতিৰ উদ্যোগত বিশেষ কাৰ্যসূচী । ৰাজ্যিক শিশু সুৰক্ষা সমিতিৰ উদ্যোগত চলি থকা ৯০ দিনীয়া শিশু সুৰক্ষা সজাগতা অভিযানৰ ‘সুৰক্ষিত শৈশৱ সোণালী অসম’ৰ অংশ হিচাপে মহানগৰীত গ্ৰহণ কৰা হয় এক সজাগতামূলক ৱাকাথন কাৰ্যসূচী ।

স্বেচ্চাসেৱী সংগঠন স্নেহালয়া ড’নবস্ক’ৰ অধীনৰ চাইল্ড ফ্ৰেইণ্ডলী গুৱাহাটী প্ৰকল্প গোটৰ উদ্যোগত শিশু সুৰক্ষা সম্পৰ্কত সজাগতা সৃষ্টিৰ উদ্দেশ্য এই ৰেলী অনুষ্ঠিত কৰা হয় ৷ মহানগৰীৰ পাণবজাৰস্থিত ড’নবস্ক’ গীৰ্জাৰ পৰা আৰম্ভ কৰা এই ৰেলী মেঘদূত ভৱন হৈ দীঘলীপুখুৰীৰ পাৰেৰে ৰিজাৰ্ভ বেংক হৈ পুনৰ ড’নবস্ক’ গীৰ্জাত অন্ত পৰে ৷

শিশুসকলক সমস্যা যেনে -শোষণ, অবৈধ সৰবৰাহ, যৌন নিৰ্যাতন, শাৰীৰিক নিৰ্যাতন, শিশু শ্ৰম, বাল্য বিবাহ আদিৰ পৰা ৰক্ষা কৰি তেওঁলোকৰ অধিকাৰ সুৰক্ষিত কৰাৰ লগতে শিশুৰ উপযোগী এক আনন্দমুখৰ আৰু স্বাস্থ্যসন্মত বাতাবৰণ গঢ়ি তোলাৰ সজাগতাৰ উদ্দেশ্যৰে এই কাৰ্যসূচী গ্ৰহণ কৰা হয় । এই সমদল যাত্ৰাৰ শুভাৰম্ভ কৰে কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত আয়ুক্ত তথা বিক্ৰম ছেত্ৰী আৰু বিশিষ্ট অভিনেতা কপিল বৰাই ৷

অনুষ্ঠানত উপস্থিত থাকি কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত আয়ুক্ত তথা বিক্ৰম ছেত্ৰীয়ে মন্তব্য কৰি কয় যে -"শিশুসকলৰ অধিকাৰ সুৰক্ষিত কৰি মুকলি আকাশৰ তলত সোণালী শৈশৱ পাৰ কৰাৰ উপযুক্ত পৰিৱেশ গঢ়িবলৈ চৰকাৰ, প্ৰশাসন, ৰাইজ, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা সংবাদ মাধ্যমৰ সন্মিলিত প্ৰচেষ্টাৰে সকলোৱে একগোট হৈ আগবাঢ়িব লাগিব ৷ লগতে শিশুসকলকো আগ্ৰহেৰে শিক্ষা গ্ৰহণ কৰি ভৱিষ্যতৰ সুনাগৰিক হোৱাৰ সপোন দেখিবলৈ তেওঁ আহ্বান জনায় ৷

আনহাতে বিশিষ্ট অভিনেতা কপিল বৰাই অনুষ্ঠানটো সন্দৰ্ভত মন্তব্য কৰি কয়- "শিশুৰ অধিকাৰ অতি গুৰুত্বপূৰ্ণ ৷ এই অধিকাৰ সুৰক্ষা কৰিবলৈ বিশেষভাৱে অভিভাৱক আৰু প্ৰাপ্তবয়স্ক লোকসকল অধিক সংবেদনশীল হ’ব লাগে আৰু শিশুৰ অধিকাৰ সুৰক্ষিত থকা সমাজখনহে প্ৰকৃততে উন্নত সমাজ" ৷

সভাত জিলা শিশু সুৰক্ষা বিষয়া কিশোৰী বৰুৱা, ৰাজ্যিক শিশু সুৰক্ষা সমিতিৰ প্ৰকল্প প্ৰৱন্ধক ক্ৰমে অশোক শৰ্মা আৰু ছেভিঅ’ লাক্ৰা, ফাডাৰ জয় প্ৰকাশ আৰু পাণবজাৰ ৱাৰ্ড কাউন্সিলাৰ স্নিগ্ধা বৰুৱাইও ভাষণ দি শিশুসকলক উৎসাহিত কৰাৰ লগতে উপস্থিত সকলোকে বিশেষকৈ সংবাদ মাধ্যমক সজাগতা সৃষ্টিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ অনুপ্ৰেৰণা যোগায় ৷ আৰম্ভণিতে আদৰণি ভাষণ প্ৰদান কৰে স্নেহালয়া আৰু চাইল্ড ফ্ৰেইণ্ডলী গুৱাহাটী প্ৰকল্প গোটৰ প্ৰশাসনিক বিষয়া ফাডাৰ প্ৰসাদ কালাপাৰ্থীয়ে ৷

অনুষ্ঠানত শিশু সুৰক্ষা সম্পৰ্কীয় শপত বাক্য পাঠ কৰোৱায় স্নেহালয়াৰ সঞ্চালক ফাডাৰ লুক’জ চেৰুভালেলে ৷ লগতেই উক্ত অনুষ্ঠানত চাইল্ড ফ্ৰেইণ্ডলী গুৱাহাটীৰ পষেকীয়া নিউজ লেটাৰ ‘শিশুসকলৰ পৰা শিকো আহক’ৰ সংখ্যাটিও মুকলি কৰা হয় ৷ লগতেই কামৰূপ মহানগৰ জিলা শিশু সুৰক্ষা গোটৰ জৰিয়তে শিশুৰ অধিকাৰ সম্পৰ্কীয় সজাগতামূলক স্বাক্ষৰ গ্ৰহণ কাৰ্যসূচীও ৰূপায়ণ কৰা হয় ।

উল্লেখ্য যে জনসাধাৰণক শিশুৰ অধিকাৰ তথা সুৰক্ষা সম্পৰ্কে সজাগ কৰিবলৈ শিশু সুৰক্ষা সজাগতা অভিযান ‘সুৰক্ষিত শৈশৱ সোণালী অসম’ যোৱা ১২ জুনৰ পৰা ৰাজ্যজুৰি আৰম্ভ কৰা হৈছিল আৰু অহা ১০ ছেপ্টেম্বৰত এই অভিযানৰ অন্ত পৰিব ৷

লগতে পঢ়ক :Chandrayaan 3: চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ পাচত কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details